সোনকালে ৰিচিভ কৰক আপোনাৰ ফোনকল, এতিয়া ৪৫ ছেকেণ্ড ধৰি বাজি নাথাকিব ৰিং ট’ন
News18-Assam Updated:October 2, 2019, 12:59 PM IST

এয়াৰটেলে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ ২৮ ছেপ্টেম্বৰত TRAIলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
এয়াৰটেলে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ ২৮ ছেপ্টেম্বৰত TRAIলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
- News18 Assam
- Last Updated: October 2, 2019, 12:59 PM IST
আন্তঃসংযোগ ব্যৱহাৰ মাচুল কোনো এটা নেটৱৰ্কক আন নেটৱৰ্কে দিয়া সেৱাৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। ইয়াত যিটো নেটৱৰ্কৰ পৰা কল কৰা হয়, সেই কল পাবলগীয়া নেটৱৰ্কৰ পৰা এই মাচুল আদায় লোৱা হয়। বৰ্তমান ইয়াৰ পৰিমাণ প্ৰতি মিনিটত ৬ পইচা। এয়াৰটেলে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ ২৮ ছেপ্টেম্বৰত TRAIলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সূত্ৰ অনুসৰি, ভোডাফোন–আইডিয়ায়ো ফোনৰ ৰিং কৰাৰ সময় হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এয়াৰটেলে পত্ৰত উল্লেখ কৰিছে যে আমি অনুভৱ কৰিচো যে ইয়াৰ দ্বাৰা গ্ৰাহকে সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু TRAIৰ ফালৰ পৰা কোনো নিৰ্দেশনা নথকাত আৰু আন্তঃসংযোগ মাচুলৰ পৰা বাচিবলৈ আমাৰ ওচৰত কোনো বিকল্প নাই। সেইবাবেই আমি আমাৰ নেটৱৰ্কত ফোনৰ ৰিং কৰাৰ সময় হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছো।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।