৯৯টা স্মাৰ্টফোনেৰে এইজন লোকে খালী ৰাজপথত লগালে ট্ৰাফিক জাম, চাওক Video

News18 Assam | News18-Assam
Updated:February 6, 2020, 10:23 AM IST
৯৯টা স্মাৰ্টফোনেৰে এইজন লোকে খালী ৰাজপথত লগালে ট্ৰাফিক জাম, চাওক Video
ছাইমন ৱেকৰ্ট নামৰ এই লোকজনে গুগল মেপৰ এই প্ৰযুক্তিৰ পৰীক্ষা কৰাৰ বাবে এখন সৰু কাৰ্টত ৯৯টা স্মাৰ্টফোন ৰাখিলে আৰু বাৰ্লিনৰ কেইবাটাও পথত ঘূৰি ফৰিলে।

ছাইমন ৱেকৰ্ট নামৰ এই লোকজনে গুগল মেপৰ এই প্ৰযুক্তিৰ পৰীক্ষা কৰাৰ বাবে এখন সৰু কাৰ্টত ৯৯টা স্মাৰ্টফোন ৰাখিলে আৰু বাৰ্লিনৰ কেইবাটাও পথত ঘূৰি ফৰিলে।

  • Share this:
সাধাৰণতে আমি কোনো অচিনাকি ঠাইলৈ গ’লে বা যান–জঁট সম্পৰ্কীয় তথ্যৰ বাবে গুগল মেপ ব্যৱহাৰ কৰো। কিন্তু কিমান ভৰসা কৰিব পাৰি গুগল মেপৰ ওপৰত। জাৰ্মানীৰ এজন শিল্পীয়ে গুগল মেপক জনালে প্ৰত্যাহ্বান। ৯৯টা স্মাৰ্টফোনৰ সহায়ত লোকজনে খালী ৰাজপথত লগালে ট্ৰাফিক জাম। নিজৰ এই কাৰ্যৰ এটা ভিডিঅ’ ইউটিউবত শ্বেয়াৰ কৰিছে লোকজনে। বাৰ্লিনৰ ৰাজপথত একপ্ৰকাৰ যেন প্ৰযুক্তিক প্ৰত্যাহ্বান জনালে লোকজনে।

উল্লেখযোগ্য যে কোনো পথত ট্ৰাফিক জাম আছেনে নাই সেই তথ্য দিবৰ বাবে গুগল মেপে পথত চলাচল কৰা বাহনত থকা স্মাৰ্টফোনৰ লোকেশ্যন ট্ৰেক কৰি তাৰ সমীক্ষা কৰে আৰু সেই হিচাপত সেই পথৰ ট্ৰাফিক সম্পৰ্কীয় তথ্য যোগান ধৰে। গাড়ীৰ গতি আৰু স্মাৰ্টফোনৰ সংখ্যাৰ আধাৰত গুগল মেপত দেখা যায় এই তথ্য।

ছাইমন ৱেকৰ্ট নামৰ এই লোকজনে গুগল মেপৰ এই প্ৰযুক্তিৰ পৰীক্ষা কৰাৰ বাবে এখন সৰু কাৰ্টত ৯৯টা স্মাৰ্টফোন ৰাখিলে আৰু বাৰ্লিনৰ কেইবাটাও পথত ঘূৰি ফৰিলে। কাৰ্টত ৰখা স্মাৰ্টফোনৰ বাবে গুগল মেপত প্ৰথমে উক্ত পথটো ব্যস্ত দেখুৱাই আছিল আৰু পিছত ট্ৰাফিক জাম দেখুৱাবলৈ ল’লে।

গুগল মেপত যান–জঁটৰ স্থিতি ৰঙৰ জৰিয়তে দেখুওৱা হয়। পথত গাড়ীৰ গতি লেহেমীয়া হ’লে কমলা ৰঙৰ জৰিয়তে দেখুওৱা হয় আৰু যদি ট্ৰেফিক জাম থাকে তেন্তে ৰঙা ৰঙেৰে দেখুওৱা হয়। ৱেকৰ্টৰ পৰীক্ষাতো এনেকুৱাই দেখা গ’ল।

লোকজনে ইউটিউবত আপলোড কৰা ভিডিঅ’ত দেখা গৈছে কি ধৰণে গুগল মেপত ৰঙা ৰং দেখা গৈছে। অৰ্থাৎ উক্ত পথছোৱাত যানজঁটৰ সৃষ্টি হৈছে। কিন্তু বাস্তৱত উক্ত পথছোৱা একেবাৰে খালী আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি