৫ হাজাৰ টকা কমত লাভ কৰক Realmeৰ ৬৪ মেগাপিক্সেল কেমেৰাৰ সুন্দৰ স্মাৰ্টফোন

News18 Assam | News18-Assam
Updated:February 16, 2021, 2:35 PM IST
৫ হাজাৰ টকা কমত লাভ কৰক Realmeৰ ৬৪ মেগাপিক্সেল কেমেৰাৰ সুন্দৰ স্মাৰ্টফোন
Realme 6 স্মাৰ্টফোন ১৭,৯৯৯ টকাৰ পৰিৱৰ্তে ১২,৯৯৯ টকাৰ পৰা কিনিব পাৰিব। এই

Realme 6 স্মাৰ্টফোন ১৭,৯৯৯ টকাৰ পৰিৱৰ্তে ১২,৯৯৯ টকাৰ পৰা কিনিব পাৰিব। এই

  • Share this:
ফ্লিপকাৰ্টত ৰিয়েলমি ডেজ ছেলৰ আজি দ্বিতীয় দিন। এই ছেলত ৰিয়েলমিৰ সকলো স্মাৰ্টফোনত আকৰ্ষণীয় ৰেহাই আগবঢ়োৱা হৈছে। ৰিয়েলমি ৬ৰ দৰে জনপ্ৰিয় স্মাৰ্টফোনো আকৰ্ষণীয় ৰেহাইৰ সৈতে কিনিব পাৰিব। আপোনাক জনাওঁ যে ৰিয়েলমি ৬ কোম্পানীৰ জনপ্ৰিয় স্মাৰ্টফোনৰ ভিতৰত এটা। Realme 6ত ৫ হাজাৰ টকা ৰেহাই দিয়া হৈছে। আহক জানো স্মাৰ্টফোনটোৰ সৈতে পাবলগীয়া অফাৰৰ বিতং তথ্য।

ফ্লিপকাৰ্টত দিয়া তথ্য অনুসৰি, Realme 6 স্মাৰ্টফোন ১৭,৯৯৯ টকাৰ পৰিৱৰ্তে ১২,৯৯৯ টকাৰ পৰা কিনিব পাৰিব। এই দাম 4GB+64GB ভেৰিয়েণ্টৰ বাবে। কোম্পানীয়ে এই ফোনটো দুটা কালাৰ ভেৰিয়েণ্ট Comet Blue আৰু Comet Whiteৰ সৈতে আগবঢ়াইছে।

ৰিয়েলমি ৬ত ৬.৫ ইঞ্চিৰ ডিছপ্লে’ দিয়া হৈছে। গ্ৰাহকে এই ফোনটো কমেট হোৱাইট আৰু কমেট ব্লু কালাৰ অপচনত কিনিব পাৰিব। এই ফোনত MediaTek Helio G90T প্ৰছেছৰ দিয়া হৈছে।
Published by: Sanjay Kumar Das
First published: February 16, 2021, 2:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি