পাৰ্লাৰলৈ গৈ বিপদত পৰিল প্ৰিয়ংকা! ভয়ংকৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে

News18 Assam | News18-Assam
Updated:January 10, 2021, 4:30 PM IST
পাৰ্লাৰলৈ গৈ বিপদত পৰিল প্ৰিয়ংকা! ভয়ংকৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে
ল’ক ডাউনৰ সময়ছোৱাত প্ৰিয়ংকা চোপ্ৰাই চুলিত ৰং কৰিবলৈ বিউটি পাৰ্লাৰলৈ গৈছিল। আৰু তাৰ পিছতে আৰক্ষীয়ে জাননী প্ৰেৰণ কৰি সাৱধান কৰি দিয়ে অভিনেত্ৰীগৰাকীক।

ল’ক ডাউনৰ সময়ছোৱাত প্ৰিয়ংকা চোপ্ৰাই চুলিত ৰং কৰিবলৈ বিউটি পাৰ্লাৰলৈ গৈছিল। আৰু তাৰ পিছতে আৰক্ষীয়ে জাননী প্ৰেৰণ কৰি সাৱধান কৰি দিয়ে অভিনেত্ৰীগৰাকীক।

  • Share this:
কোৰোণাৰ নতুন ষ্ট্ৰেইনৰ বাবে ব্ৰিটেইনত এতিয়া দ্বিতীয়টো ল’ক ডাউন চলিছে। আৰু তাৰ মাজতেই ল’ক ডাউনৰ নীতি উলংঘা কৰাৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। ল’ক ডাউনৰ সময়ছোৱাত প্ৰিয়ংকা চোপ্ৰাই চুলিত ৰং কৰিবলৈ বিউটি পাৰ্লাৰলৈ গৈছিল। আৰু তাৰ পিছতে আৰক্ষীয়ে জাননী প্ৰেৰণ কৰি সাৱধান কৰি দিয়ে অভিনেত্ৰীগৰাকীক। কিন্তু টীম প্ৰিয়ংকা চোপ্ৰাৰ ফালৰ পৰা এই অভিযোগ নস্যাত্‍ কৰা হৈছে। দাবী কৰিছে যে, প্ৰিয়ংকা চোপ্ৰাই সকলো কোৰোণা বিধি মানি চলিছে।

সপ্তাহৰ প্ৰথম দিনা খবৰ ওলাই যে, ল’ক ডাউৰ মাজতে স্বাস্থ্যবিধি উলংঘা কৰি মাতৃ মধু চোপ্ৰাৰ সৈতে এখন বিউটি পাৰ্লাৰলৈ গৈছিল অভিনেত্ৰীগৰাকী। পৰৱৰ্তী ছবিৰ বাবেই চুলিত ৰং কৰিবলৈ গৈছিল প্ৰিয়ংকাই।

অন্যহাতে,বৰ্তমান সময়ত ব্ৰিটেইনত পাৰ্লাৰ,স্পা ইত্যাদি সম্পূৰ্ণ ৰূপে বন্ধ আছে। গতিকে প্ৰিয়ংকাৰ বিৰুদ্ধে ল’ক ডাউনৰ নিয়ম অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু প্ৰিয়ংকাৰ টীমৰ ফালৰ পৰা জনোৱা মতে, একেবাৰে ব্যক্তিগত এপইনমেণ্ট লৈ সেই পাৰ্লাৰ খোলা হৈছিল।
Published by: Himangshu Bhuyan
First published: January 10, 2021, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading