গৰম চাহৰ হোম ডেলিভাৰী :ব্লু টী খাব নে তুলসী-আদা যুক্ত গ্ৰীণ টী?

দিল্লী, মুম্বাইৰ দৰে গুৱাহাটীত ঘৰত থাকি বা কাৰ্যালয়তে থাকি আপুনি ভিন্ন ৰকমৰ ল'ব পাৰিব চাহৰ সোৱাদ ৷

News18-Assam
Updated:September 17, 2019, 11:36 AM IST
গৰম চাহৰ হোম ডেলিভাৰী :ব্লু টী খাব নে তুলসী-আদা যুক্ত গ্ৰীণ টী?
দিল্লী, মুম্বাইৰ দৰে গুৱাহাটীত ঘৰত থাকি বা কাৰ্যালয়তে থাকি আপুনি ভিন্ন ৰকমৰ ল'ব পাৰিব চাহৰ সোৱাদ ৷
News18-Assam
Updated: September 17, 2019, 11:36 AM IST
ৰাজু বৰুৱা: ব্লু টী, ভোট জলকীয়া চাহৰে চমক দিয়া এৰ'মিকাই পোন প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰিছে গৰম চাহৰ হোম ডেলিভাৰীৰ ব্যৱস্থা ৷ দিল্লী, মুম্বাইৰ দৰে গুৱাহাটীত ঘৰত থাকি বা কাৰ্যালয়তে থাকি আপুনি ভিন্ন ৰকমৰ ল'ব পাৰিব চাহৰ সোৱাদ ৷ সোমবাৰে এৰ'মিকাই আনুষ্ঠানিক ভাৱে মুকলি কৰিলে এই সেৱা ৷ মাটিৰ পাত্ৰ,বান বাটি আদিত চাহ খাব পৰাৰ সুবিধা থকা বিপণন ক্ষেত্ৰৰ এইখন এক্সক্লুচিভ চাহৰ বিপনীৰ পৰাই এনেধৰণৰ এক বিশেষ বাকচত ভৰাই চাহৰ হোম ডেলিভাৰী কৰিব এৰ'মিকাই ৷



"মুম্বাই দিল্লীত এই সুবিধা আছে ৷ একাপ ভাল চাহ যাতে খুৱাব পাৰো তাৰ বাবে দিন ৰাতি এক কৰিছো ৷ কোৱালিটীৰ ক্ষেত্ৰত কম্প্ৰ'মাইজ নকৰো ৷ 6003856377 নম্বৰত ফোন কৰিলেই পাব চাহ ৷" ক'লে এৰ'মিকাৰ সঞ্চালক ৰঞ্জিত বৰুৱাই ৷  চাহৰ হোম ডেলিভাৰী সেৱা মুকলি কৰি অভিভূত হৈ পৰে গুৱাহাটী মেনেজমেন্ট এছোছিয়েছনৰ সভাপতি কীৰ্তি চন্দ্ৰ বৰবৰুৱা ৷ "এজন অসমীয়াই OUT OF THE BOX চিন্তা কৰি এনে কাম কৰাটো সচাকৈয়ে সাহসী পদক্ষেপ ৷ দোপত দোপে আগুৱাই যাওক ৰঞ্জিত বৰুৱা ৷" সেৱা মুকলি কৰি ক'লে কীৰ্তি চন্দ্ৰ বৰবৰুৱাই ৷



২৫০ MLৰ চাহ থাকিব প্ৰতিটো বাকচত ৷ গুজৰাটৰ পৰা অনা এলুমনিয়াম ফইলৰে তৈয়াৰী চাহ গৰম কৰি ৰাখিব পৰা এটা পেকেট থাকিব এই বক্সটোৰ ভিতৰত ৷ গুৱাহাটীৰ কেইটামান স্থানতহে সদ্যহাতে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে যদিও ভৱিষ্যতে সমগ্ৰ গুৱাহাটীত উপলব্ধ কৰিব এই সেৱা ৷
আৰু চাওক পৰৱৰ্তী বাতৰি