মুখৰ ট্যাটুৰ লগতে নিজৰ চকুৰ বগা অংশসমূহতো ট্যাটু কৰাইছে তেওঁ। মূৰত ড্ৰিল কৰি লৈছে শিং।
মুখৰ ট্যাটুৰ লগতে নিজৰ চকুৰ বগা অংশসমূহতো ট্যাটু কৰাইছে তেওঁ। মূৰত ড্ৰিল কৰি লৈছে শিং।
মানুহে নিজক কিদৰে সজাব পাৰে? সকলোৰে জীৱন-ধাৰণৰ শৈলী ভিন ভিন। সকলোৱে বিচাৰে নিজকে ধুনীয়াকৈ সজাই পৰাই ৰাখিবলৈ। কিন্তু এই পৃথিৱীত এনে এচাম লোক আছে, যাৰ চখ দেখিলে চকু কঁপালত উঠিব।
ব্ৰাজিলৰ ২৮ বছৰীয়া এজন যুৱক। নাম পেড্ৰো কেনচো। পেড্ৰোৰ কামকাজ দেখিলে তবধ মানিব সকলোৱে। যুৱকজন যেন মানুহৰ পৰিৱৰ্তে এতিয়া দানৱৰ পৰ্যায়লৈ গৈছেগৈ। নিজকে ডেভিল ৰূপ দি ট্যাটুৰ জৰিয়তে নিজকে একেবাৰে সলাই পেলাইছে।
পেড্ৰোৰ সৰ্বশৰীৰতে ট্যাটু। হাতত মাকৰ নাম ট্যাটু কৰিছে। মুখত নীলা ৰঙৰ ট্যাটু কৰিছে। আনকি চকুৰ বগা অংশটো কৰিছে ট্যাটু। অস্ত্ৰোপচাৰ কৰি নিজৰ জিভাখন দুভাগ কৰি লৈছে। কাটি পেলাইছে নিজৰ কাণ। মূৰত ড্ৰিল কৰি লৈছে শিং।
দুটা সন্তানৰ দেউতাক পেড্ৰোক ডাক্তৰে এনেবোৰ কাণ্ড কৰি নিজৰ বিপদ নিজে মাতি আনিছে বুলি সকীয়াই আহিছে। ছচিয়েল মিডিয়াত এতিয়া অত্যন্ত চৰ্চিত পেড্ৰো। সাহস হৈছে হতবাক সকলো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|