মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ঘৰৰ বিদ্যুৎ কৰ্তন কৰিলে আপোনাক কোম্পানীয়ে দিব টকা! মোদী চৰকাৰৰ আকৰ্ষণীয় পদক্ষেপ

ঘৰৰ বিদ্যুৎ কৰ্তন কৰিলে আপোনাক কোম্পানীয়ে দিব টকা! মোদী চৰকাৰৰ আকৰ্ষণীয় পদক্ষেপ

News18-Assam
Updated:June 12, 2019, 4:46 PM IST
ঘৰৰ বিদ্যুৎ কৰ্তন কৰিলে আপোনাক কোম্পানীয়ে দিব টকা! মোদী চৰকাৰৰ আকৰ্ষণীয় পদক্ষেপ
প্ৰচণ্ড গৰম আৰু বিদ্যুৎ কৰ্তনৰ পৰা শীঘ্ৰে পাব সকাহ। মোদী চৰকাৰে বিদ্যুৎ কৰ্তন কৰা সন্দৰ্ভত অতি শীঘ্ৰে টেৰিফ পলিচী(Tariff policy) জাৰি কৰিব। ইয়াৰ জৰিয়তে বিদ্যুৎ কৰ্তনৰ পিছত গ্ৰাহকে লাভ কৰিব ক্ষতিপূৰণ।

প্ৰচণ্ড গৰম আৰু বিদ্যুৎ কৰ্তনৰ পৰা শীঘ্ৰে পাব সকাহ। মোদী চৰকাৰে বিদ্যুৎ কৰ্তন কৰা সন্দৰ্ভত অতি শীঘ্ৰে টেৰিফ পলিচী(Tariff policy) জাৰি কৰিব। ইয়াৰ জৰিয়তে বিদ্যুৎ কৰ্তনৰ পিছত গ্ৰাহকে লাভ কৰিব ক্ষতিপূৰণ।

  • Share this:
প্ৰচণ্ড গৰম আৰু বিদ্যুৎ কৰ্তনৰ পৰা শীঘ্ৰে পাব সকাহ। মোদী চৰকাৰে বিদ্যুৎ কৰ্তন কৰা সন্দৰ্ভত অতি শীঘ্ৰে টেৰিফ পলিচী(Tariff policy) জাৰি কৰিব। CNBC আবাজে সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি পাৱাৰ টেৰিফ পলিচী(Tariff policy) প্ৰায়ভাগ ৰাজ্যৰ সৈতে চুক্তি সম্পন্ন হৈছে। টেৰিফ পলিচীৰ নতুন নিয়ম অনুসৰি বেছিকৈ বিদ্যুৎ কৰ্তন হ’লে পেনেল্টী কাৰ্যকৰী হ’ব। বিদ্যুতৰ মাচুলৰ সৈতে ইয়াক এডজাষ্ট(Adjust) কৰা হ’ব। টেৰিফ পলিচী ব্যৱহাৰ কৰা ৰাজ্যসমূহত স্মাৰ্ট মিটাৰ লগোৱাটো বাঞ্চনীয়। লগতে, পলিচী বলবৎ হোৱাৰ ৩ বছৰৰ ভিতৰত ১০০ শতাংশ স্মাৰ্ট মিটাৰ প্ৰয়োজনীয় হ’ব। বছৰৰ আৰম্ভণিতে এই সন্দৰ্ভত ইতিমধ্যে আলোচনা হৈছে। ২০১৯ৰ ১ এপ্ৰিলৰ পৰা দেশত এই পলিচী কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছিল যদিও কেইখনমান ৰাজ্যই এই সন্দৰ্ভত অসহযোগিতা কৰিছিল। যাৰ বাবে এই পলিচী কাৰ্যকৰী নহ’ল।

বিদ্যুৎ কৰ্তনত মোদী চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থাঃ
>> পাৱাৰ টেৰিফ পলিচী(Tariff policy)ক লৈ শক্তি মন্ত্ৰালয়ৰ কঠোৰ ব্যৱস্থা।

>> এই সন্দৰ্ভত মন্ত্ৰালয়ে নতুনকৈ কেবিনেট নোট প্ৰস্তুত কৰাত ব্যস্ত।
>> আগন্তুক ১০ৰ পৰা ১৫ দিনৰ ভিতৰত কেবিনেটক প্ৰেৰণ কৰা নতুন নোট।
>> এই সন্দৰ্ভত আপত্তি দৰ্শোৱা ৰাজ্যকেইখনৰ বিষয়ে মন্ত্ৰালয়ে আৰম্ভ কৰিছে আলোচনা।
>> মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে কেইখনমান ৰাজ্যৰ শক্তি মন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে।



>> বৰ্তমান বেছিভাগ ৰাজ্যই টেৰিফ পলিচী(Tariff policy)ৰ এই নিয়মক দিছে প্ৰাধান্য।
>> পাৱাৰ টেৰিফ নিয়মানুসৰি বিদ্যুৎ কৰ্তনৰ মাত্ৰা বৃদ্ধি হ’লে লাগিব পেনেল্টী।
>> নিৰ্ধাৰণ কৰা সময়তকৈ বিদ্যুৎ কৰ্তনৰ মাত্ৰা বৃদ্ধি হ’লে জৰিমণা বিহিব লাগিব।
>> পেনেল্টীৰ মূল্য বিদ্যুৎ মাচুলৰ লগত এডজাষ্ট কৰা হ’ব।
>> প্ৰতিখন ৰাজ্যত স্মাৰ্ট মিটাৰ লগোৱাটো বাঞ্চনীয়।
First published: June 12, 2019, 4:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি