• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বাহুবলীৰ অভিনেত্ৰী তামান্না ভাটিয়াই কিয় চলাবলগীয়া হৈছে বাছ? চাওক ভিডিঅ’

বাহুবলীৰ অভিনেত্ৰী তামান্না ভাটিয়াই কিয় চলাবলগীয়া হৈছে বাছ? চাওক ভিডিঅ’

সম্প্ৰতি তামান্নাৰ এটা পোষ্ট ভাইৰেল হৈছে। বহু মানুহে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ চাই।

সম্প্ৰতি তামান্নাৰ এটা পোষ্ট ভাইৰেল হৈছে। বহু মানুহে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ চাই।

সম্প্ৰতি তামান্নাৰ এটা পোষ্ট ভাইৰেল হৈছে। বহু মানুহে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ চাই।

  • Share this:
তামান্না ভাটিয়া। বলীউদ তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তামান্না। ‘বাহুবলী’ ছবিত তামান্নাক দেখা গৈছিল মুখ্য চৰিত্ৰত। ‘অবন্তিকা’ৰ চৰিত্ৰত তামান্নাৰ অসাধাৰণ অভিনয়ে সাঁচ বহুৱাই গৈছে দৰ্শকৰ মনত। কেৱল বাহুবলীতে নহয়, বলীউদৰ বহু ছবিত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে। অক্ষয় কুমাৰৰ দৰে নায়কৰ সৈতেও ছবি কৰিছে তামান্নাই।

তামান্না ছচিয়েল মিডিয়াতো সক্ৰিয়। ইনষ্টাগ্ৰামাত মাজে সময়ে নানা ধৰণৰ পোষ্ট কৰে তেওঁ। কেতিয়াবা মজাৰ ভিডিঅ’ বা কেতিয়াবা ব’ল্ড ফটোশ্বুটৰ ফটো শ্বেয়াৰ কৰে তামান্নাই। কেইবালাখ ফলোৱাৰ আছে অভিনেত্ৰীগৰাকীৰ। সম্প্ৰতি তামান্নাৰ এটা পোষ্ট ভাইৰেল হৈছে। বহু মানুহে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ চাই।


ভিডিঅ’ত দেখা গৈছে তামান্নাই বাছ চলাইছে। ইয়াৰ পূৰ্বে গাড়ী চলোৱা দেখা গৈছিল। কিন্তু বাছ চলোৱাটো সহজ নহয়। তাৰ বাবে প্ৰয়োজন অনুশীলন। কিন্তু তামান্নাই অনায়াসে চলাইছে এখন বাছ। এই ভিডিঅ’ চাই বহুতেই প্ৰশ্ন কৰিছে, অভিনয় এৰি আন কাম লাগিছে নেকি তামান্না?

আচলতে এয়া এক চিনেমাৰ শ্বুটিঙৰ দৃশ্য। দাক্ষিণাত্যৰ এখন ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে তামান্নাই। ছবিৰ শ্বুটিঙৰ বাবেই বাছ চলাবলৈ শিকিছে তামান্নাই। এই ভিডিঅ’ শ্বেয়াৰ কৰি তামান্নাই লিখিছে – ‘যেতিয়া কামৰ বাবে বাছ চলাবলগীয়া হয়, তেতিয়া বেলেগ ধৰণৰ অনুভৱ হয়।’ মেনষ্ট্ৰিম ছবিৰ বাবে বাছ চলাবলৈ শিকিছে তামান্নাই।
Published by:Sanjay Kumar Das
First published: