உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • IPL ইছলামবিৰোধী! তালিবানে আফগানিস্তানত বন্ধ কৰিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সম্প্ৰচাৰ

    IPL ইছলামবিৰোধী! তালিবানে আফগানিস্তানত বন্ধ কৰিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সম্প্ৰচাৰ

    File Photo

    File Photo

    আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ত পূৰ্বে উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ সাংবাদিক ফাৱাড আমানে তালিবানৰ এই কাৰ্যক হাস্যকৰ আখ্যা দিছে।

    • Share this:
    এতিয়াৰে পৰা আফগানিস্তানৰ নাগৰিকে উপভোগ কৰিব নোৱাৰিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰোমাঞ্চকৰ ক্ৰিকেট মেচসমূহ। উল্লেখযোগ্য যে, আইপিএলে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল আফগানিস্তানত। পিছে এতিয়া আফগানিস্তানৰ শাসনৰ বাঘজৰী তালিবানৰ হাতত আৰু তেওঁলোকৰ মতে আইপিএল ইছলামবিৰোধী। সেয়ে এতিয়া সম্পূৰ্ণৰূপে তালিবানত নিষিদ্ধ হৈ পৰিছে আইপিএল।

    আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ত পূৰ্বে উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ সাংবাদিক ফাৱাড আমানে তালিবানৰ এই কাৰ্যক হাস্যকৰ আখ্যা দিছে। তেওঁ নিজৰ টুইটাৰ একাউণ্টত এই বিষয়ে ক্ষোভ প্ৰকাশ কৰি কয়, "কেৱল আইপিএলত চিয়েৰলিডাৰ্ছৰ নৃত্য আৰু দৰ্শকৰ ৰূপত মহিলা থকাৰ বাবেই তালিবানে আইপিএলক নিষিদ্ধ কৰিছে।"

    ইপিনে আফগানিস্তান ক্ৰিকেট কন্ট্র’ল ব’ৰ্ডৰ অধ্যক্ষ হামিদ চিনৱাৰীকো বৰ্খাস্ত কৰিছে তালিবান চৰকাৰে। তেওঁৰ বিপৰীতে হাক্কানী নেটৱৰ্কৰ এগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক আফগানিস্তান ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে তালিবানে।

    চীন-পাকিস্তানে তালিবানৰ মনোভাৱ সলনি হ'ল বুলি দাবী কৰি তালিবান চৰকাৰক মান্যতা দিবলৈ দাবী কৰাৰ সময়তে তালিবানীৰ এনে গোড়ামীয়ে পুনৰ উদঙাই দেখুৱাইছে তেওঁলোকৰ মনোভাৱক।
    Published by:Sanjay Kumar Das
    First published: