• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tilak on Forehead : তিলক বা ফোঁট কপালত লয়, আধ্যাত্মিক কাৰণৰ লগতে ইয়াৰ আছে এনে কাৰণো?

Tilak on Forehead : তিলক বা ফোঁট কপালত লয়, আধ্যাত্মিক কাৰণৰ লগতে ইয়াৰ আছে এনে কাৰণো?

কপালত তিলক লগোৱা কথাটো এটা মাত্ৰ সাধাৰণ কৰ্ম বুলি ভবাটো উচিত নহয়।

কপালত তিলক লগোৱা কথাটো এটা মাত্ৰ সাধাৰণ কৰ্ম বুলি ভবাটো উচিত নহয়।

কপালত তিলক লগোৱা কথাটো এটা মাত্ৰ সাধাৰণ কৰ্ম বুলি ভবাটো উচিত নহয়।

  • Share this:
কপালত তিলক লগোৱাটো হিন্দুসকলে পৱিত্ৰ বুলি গণ্য কৰে। হালধি, চন্দন কাঠ, সেন্দূৰ বা কুমকুম আদি তিলক বা ফোট ৰূপে কপালত লগোৱা হয়। যদিও এয়া ধৰ্মীয় কাৰণত ব্যৱহাৰ হয়, তথাপি ইয়াৰ আছে অন্য এক কাৰণ।

আন এক আধ্যাত্মিক ধাৰণা মতে তন্ত্ৰ সাধনাত কপালক ইষ্টদেৱতাৰ প্ৰতীক বুলি গণ্য কৰা হয়৷ এই তিলক লগোৱাৰ সময়ত ইষ্টদেৱতাৰ স্মৰণেৰে শৰীৰৰ সকলো চেতনা এঠাইতে কেন্দ্ৰীভূত হয় বুলি ধাৰণা কৰা হয়।

কপালত ফোট লগোৱাক লৈ বিজ্ঞানৰো আছে ব্যাখ্যা। এই ব্যাখ্যা অনুসৰি মনোবিজ্ঞানৰ মতে কপালত তিলক প্ৰয়োগৰ কাৰণ হৈছে মূৰটো মুখমণ্ডলৰ কেন্দ্ৰত থাকে বাবে আনৰ দৃষ্টি প্ৰথম তাতেই পৰে, সেয়েহে সেই দৃষ্টিক ধৰি ৰাখিবলৈ চেষ্টা কৰা হয় তিলকৰ দ্বাৰা।

জীৱবিজ্ঞানৰ মতে কপালত পাইন্য়েল নামৰ এটা গ্ৰন্থি থাকে৷ এই গ্ৰন্থিক উদ্দীপিত কৰিলে মগজুত এক বিশেষধৰণ অনুভূতি প্ৰৱাহিত হয় ৷ এই পাইন্যেল গ্ৰন্থিক সাধাৰণতে বহুতো কাৰণত "তৃতীয় চকু" বুলি অভিহিত কৰা হৈছিল, কাৰণ মগজুৰ কেন্দ্ৰত ইয়াৰ অৱস্থান আৰু পোহৰৰ সৈতে ইয়াৰ সম্পৰ্ক। ৰহস্যবাদী আৰু আধ্যাত্মিক পৰম্পৰা মতে ই ভৌতিক আৰু আধ্যাত্মিক জগতৰ মাজত এক আধ্যাত্মিক সম্পৰ্ক হিচাপে কাম কৰে।

গতিকে কপালত তিলক লগোৱা কথাটো এটা মাত্ৰ সাধাৰণ কৰ্ম বুলি ভবাটো উচিত নহয়। ইয়াৰ এক বৈজ্ঞানিক ভিত্তিও আছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি