
বহু বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, নিশা সাধাৰণতে পাতল আহাৰ গ্ৰহণ কৰিব লাগে।
বহু বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, নিশা সাধাৰণতে পাতল আহাৰ গ্ৰহণ কৰিব লাগে।
স্বাস্থ্য পৰম সম্পদ! সুস্বাস্থ্যৰ অবিহনে সকলো অনৰ্থক। নিয়মিত শাৰীৰিক ব্যায়াম, সুষম আহাৰ গ্ৰহণৰ লগতে সুস্থিৰ জীৱনশৈলীয়ে মানুহৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। বৰ্তমান সময়ত সকলোৰে ব্যস্ত জীৱন। খাদ্য খোৱাৰ নাই বিশেষ সময়সূচী। ফলত স্বাস্থ্যই মাজে মাজে যথেষ্ট আমনি কৰে। সেইদৰে কিছুমান খাদ্য দিনৰ ভাগত বা কিছুমান খাদ্য নিশা খোৱা অতি প্ৰয়োজনীয়। বহু বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, নিশা সাধাৰণতে পাতল আহাৰ গ্ৰহণ কৰিব লাগে।
নিশা এইসমূহ খাদ্য গ্ৰহণ কৰেনে?
- বেৰীঃ বেৰীত খাকে ফাইবাৰ। ই পাকস্থলী ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা মেগনেছিয়াম আৰু মিনাৰেলছে স্নায়ুক আৰাম প্ৰদান কৰাৰ লগতে মাংসপেশীৰ সঞ্চালনত সহায় কৰে ৷
- পিনাট বাটাৰঃ পিনাট বাটাৰত থকা ট্ৰিপ্ট’ফেনে মগজুত মেলাটোনিনলৈ ৰূপান্তৰিত কৰে। ই টোপনি অনাত সহায় কৰে। ট্ৰিপ্টোফেন মগজুৰ বাবে অধিক উপকাৰী।
- গাজৰঃ গাজৰ কম কেলৰীযুক্ত খাদ্য। সেইদৰে ই লিভাৰ ভালে ৰখাত সহায় কৰে। গতিকে নিশা খাদ্যত গাজৰ ৰাখিব পাৰে।
- walnuts, almond আদিত প্ৰাকৃতিক মেলাটনিন, প্ৰ’টিন আৰু মেগনেছিয়াম থাকে ৷ সামান্য মুঠি বাদামে ভোক পূৰণ কৰিব আৰু টোপনি আনিব ।
- হালধী দিয়া গাখীৰঃ গাখীৰত কেলছিয়াম, ফছফৰাছ, ভিটামিন বি, পটাছিয়াম, ভিটামিন ডি আৰু দৰে নিউট্ৰিয়েণ্ট থাকে ৷ গাখীৰত হালধি মিহলি কৰিলে ই আপোনাৰ শৰীৰক আৰাম প্ৰদান কৰে ৷ ই বহু গুৰুতৰ ৰোগকো বাধা দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|