সঁচাকৈ ‘Namo’ T-Shirt পিন্ধিছিল নেকি টাইমুৰ আলী খানে ?

দেওবাৰৰ পৰা ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে অভিনেত্ৰী কৰিণা কাপুৰৰ পুত্ৰ টাইমুৰ আলী খানৰ এখন বিশেষ ফটোৱে । মুম্বাইৰ এটা ভোটকেন্দ্ৰত ভোট প্ৰদান কৰিবলৈ আহোতে অভিনেত্ৰী কৰিণা কাপুৰৰ লগত অহা কৰিণাৰ পুত্ৰ টাইমুৰে পৰিধান কৰিছিল ‘Namo’ T-Shirt ! কিন্তু কিমান সত্য সেই খবৰ ?


Updated:May 14, 2019, 12:11 PM IST
সঁচাকৈ ‘Namo’ T-Shirt পিন্ধিছিল নেকি টাইমুৰ আলী খানে ?
দেওবাৰৰ পৰা ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে অভিনেত্ৰী কৰিণা কাপুৰৰ পুত্ৰ টাইমুৰ আলী খানৰ এখন বিশেষ ফটোৱে । মুম্বাইৰ এটা ভোটকেন্দ্ৰত ভোট প্ৰদান কৰিবলৈ আহোতে অভিনেত্ৰী কৰিণা কাপুৰৰ লগত অহা কৰিণাৰ পুত্ৰ টাইমুৰে পৰিধান কৰিছিল ‘Namo’ T-Shirt ! কিন্তু কিমান সত্য সেই খবৰ ?

Updated: May 14, 2019, 12:11 PM IST
চলিত লোকসভা নিৰ্বাচনৰ সময়ত ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বলিউড চেলিব্ৰিটিৰ বহু ‘Fake’ফটো । বহুতে অভিনেতা অভিনেত্ৰীৰ ফটো বিভিন্ন ৰূপত ভাইৰেল কৰিছে ছচিয়েল মিডিয়াত ।দেওবাৰৰ পৰা ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে অভিনেত্ৰী কৰিণা কাপুৰৰ পুত্ৰ টাইমুৰ আলী খানৰ এখন বিশেষ ফটোৱে । ফটোখনত অভিনেত্ৰী কৰিণা কাপুৰে ভোটদান কৰিবলৈ আহোতে তেওঁৰ লগত থকা পুত্ৰই পৰিধান কৰা দেখা গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম উল্লেখিত এটা বিশেষ T-Shirt! কিন্তু কিমান সঁচা আছিল সেইখন ফটো ।

যেতিয়াই ফটোখন ছচিয়েল মিডিয়াত ভাইৰেল হয় তেতিয়াই পোহৰলৈ আহে প্ৰকৃত সত্য । কোনোৱে ফটো খন Edit কৰি টাইমুৰে পৰিধান কৰা T-Shirtটোত লিখি দিছিল 'Namo Again'। ফটোখনক লৈ বিভিন্ন জনে ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া ।


দেওবাৰে মুম্বাইৰ এটা ভোট কেন্দ্ৰত কৰিণা কাপুৰে নিজৰ পুত্ৰ টাইমুৰৰ সৈতে ভোটদান কৰিবলৈ আহিছিল । সেই সময়ত টাইমুৰে পৰিধান কৰি আছিল এটা গেৰুৱা ৰঙৰ T-Shirt ।

উল্লেখযোগ্য যে দেশত এতিয়া টাইমুৰ খানৰ জনপ্ৰিয়তা কোনো অভিনেতা অভিনেত্ৰীতকৈ কম নহয় । ছচিয়েল মিডিয়াতো প্ৰায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে অভিনেতা ছেইফ আলী খান আৰু কৰিণা কাপুৰৰ পুত্ৰ টাইমুৰৰ আলী খান ।
আৰু চাওক পৰৱৰ্তী বাতৰি