‘তানহাজী’ত পিতৃ ছেইফক দেখি কণমানি তেমুৰৰ প্ৰতিক্ৰিয়াই হতবাক কৰিছে সকলোকে!

News18 Assam | News18-Assam
Updated:January 11, 2020, 2:46 PM IST
‘তানহাজী’ত পিতৃ ছেইফক দেখি কণমানি তেমুৰৰ প্ৰতিক্ৰিয়াই হতবাক কৰিছে সকলোকে!
তেমুৰে অজয় দেৱগণৰ ছবি ‘তানহাজী’ত পিতৃক দেখা পাই দিয়া মৰমলগা প্ৰতিক্ৰিয়া এতিয়া বিনোদন জগতৰ চৰ্চা।

তেমুৰে অজয় দেৱগণৰ ছবি ‘তানহাজী’ত পিতৃক দেখা পাই দিয়া মৰমলগা প্ৰতিক্ৰিয়া এতিয়া বিনোদন জগতৰ চৰ্চা।

  • Share this:
বলিউডৰ বহুকেইখন বৃহৎ ছবি সম্প্ৰতি চৰ্চাত আছে, ইয়াৰ মাজতে অজয় দেৱগণ, কাজল আৰু ছেইফ আলী খানৰ ছবি ‘তানহাজীঃদ্য আনছাংগ ৱাৰিয়ৰ’ –এ প্ৰথম দিনাই যথেষ্ট ভাল ব্যৱসায় কৰিবলৈ সক্ষম হয়। এই ছবিখনত নেতিবাচক চৰিত্ৰ উদয়ভান হিচাপে দেখা গৈছে ছেইফ আলী খানক। ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰাৰ বাবে ছেইফে যথেষ্ট প্ৰশংসা লাভ কৰিছে। এই ছবিখনত পিতৃক সম্পূৰ্ণ পৃথক সাজ সজ্জাত দেখা পাই ছেইফ–কৰীণাৰ কণমানি সন্তান তেমুৰে দিলে অত্যন্ত মৰমলগা প্ৰতিক্ৰিয়া। ‘তানহাজী’ৰ প্ৰম’চনৰ সময়ত দিয়া এক সাক্ষাৎকাৰত ছেইফ আলী খানে নিজৰ সন্তানৰ প্ৰতিক্ৰিয়াৰ বিষয়ে জনায়। তেওঁ কয়, মোক তেনে ৰূপত দেখি তেমুৰে কেৱল চৰদাৰজী–চৰদাৰজী কৈ থাকিল। সি হয়তো মোক চিনিবই নোৱাৰিলে। 

দীঘল দাঢ়ি, মুৰত পাগুৰী আৰু চকুত কাজল লগাই ছেইফ আলী খানে এক বেলেগ লুকত দেখা দিছে এই ছবিত। ছেইফে কয়, ফিল্মৰ পৰিচালক ঔমে বিচাৰি ওলিওৱা ভিলেইনজন অতি আকৰ্ষণীয়, তেওঁ আচলতে বিদ্ৰোহী। তানহাজীক পৰাস্ত কৰিবলৈ ঔৰংগজেৱৰ বিশ্বাস জয় কৰে উদয়ভানে। এজন অভিনেতা হিচাপে এই সাংঘাতিক চৰিত্ৰটো কৰিবলৈ পাই মই সুখী।

ছবিখনে যথেষ্ট ভাল ৰিভিউ লাভ কৰাৰ লগতে প্ৰথম দিনাই ১৫ৰ পৰা ১৬কোটি টকাৰ ব্যৱসায় কৰিছে। উইকএণ্ডত ছবিখনে আৰু ভাল ব্যৱসায় কৰাৰ আশা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি