Bollywood : চেইন চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ এইগৰাকী জনপ্ৰিয় অভিনেতা!

News18 Assam | News18-Assam
Updated:April 6, 2021, 5:26 PM IST
Bollywood : চেইন চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ এইগৰাকী জনপ্ৰিয় অভিনেতা!
জুৱা খেলৰ সৈতে জড়িত আছিল মিৰাজ। বাৰে বাৰে জুৱাত হাৰি চুৰি কৰা আৰম্ভ কৰি দিয়ে অভিনেতাজনে।

জুৱা খেলৰ সৈতে জড়িত আছিল মিৰাজ। বাৰে বাৰে জুৱাত হাৰি চুৰি কৰা আৰম্ভ কৰি দিয়ে অভিনেতাজনে।

  • Share this:
এটাৰ পিছত আনটো ঘটনাৰ বাবে কিছুদিন ধৰি সংবাদ শিৰোনামত আছে জনপ্ৰিয় কমেডী ধাৰাবাহিক তাৰক মেহতা কা উল্টা চশমা (Taarak Mehta Ka Ooltah Chashmah)। এইবাৰ সংঘটিত হ’ল আন এক ঘটনা। মুম্বাইত চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এই জনপ্ৰিয় ধাৰাবাহিকৰ এজন প্ৰাক্তন অভিনেতা। ধৃত প্ৰাক্তন অভিনেতাজনৰ নাম মিৰাজ বল্লভদাস কাপৰি (Miraj Vallabhadas Kapri)। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিনেতাজন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জুৱা খেলৰ সৈতে জড়িত আছিল মিৰাজ। বাৰে বাৰে জুৱাত হাৰি চুৰি কৰা আৰম্ভ কৰি দিয়ে অভিনেতাজনে। আনকি ঋণ পৰিশোধ কৰিবলৈ ৰাস্তাই–ঘাটে মুকলিকৈ চেইন থপিয়াবলৈ আৰম্ভ কৰে। তেওঁৰ এই কামৰ সংগী আছিল তেওঁৰ বন্ধু বৈভৱ বাবু যাদৱ। দুয়ো মিলি মুম্বাইৰ ৰাস্তাই–ঘাটে চেইন চুৰিৰ কাম আৰম্ভ কৰিছিল। ইফালে, এটাৰ পিছত আনটো অভিযোগ পোৱাৰ পিছত তদন্তত নামিল আৰক্ষী। অৱশেষত গোপন সূত্ৰৰ পম খেদি মিৰাজ আৰু বৈভৱক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, দুয়ো জুনাগড়ৰ বাসিন্দা। দুয়োৰে জিম্মাৰ পৰা চুৰি বাইক, দুটা মোবাইল ফোন, তিনিডাল সোণৰ চেইন আৰু ২,৪৫,০০০ টকা জব্দ কৰা হৈছে।

আৰক্ষীয়ে জনাইছে, ধৃত দুয়োৰে বিৰুদ্ধে ইতিমধ্যে দুটা অভিযোগ দাখিল হৈছে। এটা মহিধৰপুৰা আৰু আন এটা অভিযোগ উধনা আৰক্ষী থানাত ৰুজু হৈছে।
Published by: Sanjay Kumar Das
First published: April 6, 2021, 5:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি