ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এজনৰ মৃত্যু, ছোৱাইন ফ্লুৰ লক্ষণ সমূহ কি কি

ৰাজ্যত এইবাৰ ধৰা পৰিছে ছোৱাইন ফ্লুত আক্ৰান্ত ৰোগী।

News18-Assam
Updated:July 7, 2019, 10:59 AM IST
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এজনৰ মৃত্যু, ছোৱাইন ফ্লুৰ লক্ষণ সমূহ কি কি
ৰাজ্যত এইবাৰ ধৰা পৰিছে ছোৱাইন ফ্লুত আক্ৰান্ত ৰোগী।
News18-Assam
Updated: July 7, 2019, 10:59 AM IST
ৰাজ্যত এইবাৰ ধৰা পৰিছে ছোৱাইন ফ্লুত আক্ৰান্ত ৰোগী। ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তামুলপুৰৰ ভগৱান প্ৰসাদ নামৰ এজন লোকৰ। আমিনগাঁৱৰ নাৰায়ণা হাস্পতালত মৃত্যু ঘটে ৭৫ বছৰীয়া লোকজনৰ। তেজ পৰীক্ষাত ধৰা পৰিছিল H1N1 ভাইৰাছ
প্ৰচণ্ড জ্বৰ, উশাহৰ সমস্যাত ভুগিছিল লোকজনে। প্ৰথমে ৰঙিয়াত ভৰ্তি কৰাইছিল যদিও পিছত ৰোগ উপশম নঘটাত আনিছিল আমিনগাঁৱলৈ।

ৰোগৰ লক্ষণ–

প্ৰচণ্ড জ্বৰ, কাঁহ, ডিঙিৰ খচখচনি, মুৰৰ বিষ, চকু গুৰি বিষ, চকু ৰঙা পৰা, শৰীৰ দুৰ্বল হোৱা, গা বিষ, বমি ইত্যাদি।
আৰু চাওক পৰৱৰ্তী বাতৰি