• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Symptoms of Omicron: কেৱল কাঁহ, চৰ্দিয়েই অমিক্ৰণৰ লক্ষণ নহয়! অমিক্ৰণত আক্ৰান্ত ৰোগীৰ দেহত কি কি লক্ষণে দেখা দিছে?

Symptoms of Omicron: কেৱল কাঁহ, চৰ্দিয়েই অমিক্ৰণৰ লক্ষণ নহয়! অমিক্ৰণত আক্ৰান্ত ৰোগীৰ দেহত কি কি লক্ষণে দেখা দিছে?

এনে কিছু লক্ষণে দেখা দিলে ডাক্তৰৰ পৰামৰ্শ লওক। প্ৰয়োজনত কোৰোণাৰ পৰীক্ষা কৰাওক। সুৰক্ষিত আৰু সতৰ্ক হৈ থাকক।

  • Share this:
কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণকলৈ আতংকিত বিশ্ববাসী। ভাৰতবৰ্ষতো প্ৰতিদিনে বাঢ়িছে অমিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা। পিছে অমিক্ৰণত আক্ৰান্ত হোৱাৰ লক্ষণবোৰ কি কি?

কোভিডৰ পৰম্পৰাগত লক্ষণবোৰৰ পৰা যেন কিছু পৃথক অমিক্ৰণ।  কাৰণ অমিক্ৰণত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই গোন্ধ বা সোৱাদ হেৰুওৱা, উশাহ নিশাহত সমস্যা হোৱা। কিন্তু ডিঙিৰ খচখচনি, চৰ্দি আৰু ফ্লু-সদৃশ লক্ষণ অমিক্ৰণৰ সৈতে সম্পৰ্কীত।

বিশেষজ্ঞই অমিক্ৰণক সাধাৰণ ভাবে লোৱাসকলক সতৰ্ক কৰি দিছে। কোৰোণাৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা বেছিভাগ ৰোগীৰে প্ৰথম কেইটামান দিন তীব্ৰ জ্বৰ হোৱা দেখিবলৈ পোৱা গৈছে।

কি কি হ'ব পাৰে অমিক্ৰণৰ লক্ষণঃ

  • কাঁহ, চৰ্দি আৰু জ্বৰ কোৰোণাৰ লগতে ডেল্টা আৰু অমিক্ৰণৰো সাধাৰণ লক্ষণ।

  • ডিঙিৰ খচখচনি অমিক্ৰণৰ লক্ষণ।

  • মূৰৰ বিষ, ভাগৰ লগা, গাৰ বিষ আদি অমিক্ৰণৰ লক্ষণ।

  • কোভিড-১৯ৰ ক্লিনিকেল গৱেষক ডা০ স্বপ্ননীল পেৰিখে জনোৱা মতে, কাঁহ, চৰ্দি, ডিঙিৰ খচখচনিৰ লগতে ডায়েৰিয়া, বমি , তল পিঠিৰ বিষ আদি অমিক্ৰণৰ লক্ষণ।

  • উশাহ-নিশাহৰ সমস্যা একেবাৰে ৰেয়াৰ লক্ষণ অমিক্ৰণৰ ক্ষেত্ৰত।

  • সাধাৰণতে অমিক্ৰণত আক্ৰান্ত ৰোগীৰ লক্ষণ- কেইদিনমান ধৰি জ্বৰ, মাজে মাজে হোৱা লোজ মচন, ভাগৰুৱা, ডিঙিৰ খচখচনি।

এনে কিছু লক্ষণে দেখা দিলে ডাক্তৰৰ পৰামৰ্শ লওক। প্ৰয়োজনত কোৰোণাৰ পৰীক্ষা কৰাওক। সুৰক্ষিত আৰু সতৰ্ক হৈ থাকক।
Published by:Himangshu Bhuyan
First published: