মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »সুশান্ত সিং ৰাজপুতে অংকিতা লোখাণ্ডেৰ কাৰণে ৪.৫কোটি টকাৰে কিনিছিল ফ্লেট! বেলেগ হোৱাৰ পিছতো দি আছিল EMI

সুশান্ত সিং ৰাজপুতে অংকিতা লোখাণ্ডেৰ কাৰণে ৪.৫কোটি টকাৰে কিনিছিল ফ্লেট! বেলেগ হোৱাৰ পিছতো দি আছিল EMI

এই সন্দৰ্ভত তদন্তৰ সময়ত ED–এ জানিব পাৰিছে যে অভিনেতাজনে মালাডত এটা ৪.৫কোটি টকা মূল্যৰ ফ্লেট ক্ৰয় কৰিছিল, যিটোৰ ইনষ্টলমেণ্ট তেওঁ দি আছিল। 

এই সন্দৰ্ভত তদন্তৰ সময়ত ED–এ জানিব পাৰিছে যে অভিনেতাজনে মালাডত এটা ৪.৫কোটি টকা মূল্যৰ ফ্লেট ক্ৰয় কৰিছিল, যিটোৰ ইনষ্টলমেণ্ট তেওঁ দি আছিল। 

  • Share this:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত অভিনেতাজনৰ পিতৃয়ে বিহাৰত কেচ দিয়াৰ পিছত প্ৰায় প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহি আছে। সুশান্তৰ পিতৃয়ে তেওঁৰ গাৰ্লফ্ৰেণ্ড তথা বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু পৰিয়ালৰ ওপৰত মানসিক নিৰ্যাতন আৰু টকা লুণ্ঠনৰ অভিযোগ কৰিছে। ইয়াৰ পিছতে ইডি–এ টকা খোৱাৰ কাৰবাৰৰ তদন্ত কৰিছে ৰিয়া, পিতৃ, ভাতৃসহ গোটেই পৰিয়ালৰ বিৰুদ্ধে। কিন্তু এই সন্দৰ্ভত এতিয়া সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লোখাণ্ডেক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। ঘটনাৰ তদন্তত ED–এ জানিব পাৰিছে যে এক্টৰজনে মালাডত এটা ৪.৫কোটি টকা মূল্যৰ ফ্লেট ক্ৰয় কৰিছিল যিটোৰ ইনষ্টলমেণ্ট তেওঁ দি আছিল।

এক্টৰজনৰ মালাডস্থিত এই ফ্লেটটোক লৈ কোৱা হৈছে যে ইয়াতে তেওঁৰ প্ৰাক্তন প্ৰেয়সী তথা অভিনেত্ৰী অংকিতা লোখাণ্ডে থাকে। India Todayৰ তথ্য মতে অভিনেতাজনে এই ফ্লেটটো অংকিতা লোখাণ্ডেৰ কাৰণে ক্ৰয় কৰিছিল। ৰিয়া চক্ৰৱৰ্তীয়ে ইডিৰ সোধা–পোচাত এই ফ্লেটটোৰ প্ৰসংগ উল্লেখ কৰে। সোধা–পোচাৰ সময়ত ৰিয়াই কয় যে, সুশান্তৰ এই ফ্লেটটোত অংকিতা লোখাণ্ডে আছিল আৰু সুশান্তই বিচাৰিও ফ্লেটটো খালী কৰিবলৈ ক’ব পৰা নাছিল। ইয়াৰ ইএমআই সুশান্তই দিছিল।








View this post on Instagram





#justiceforsushantsinghrajput. #CBIforSSR


A post shared by Ankita Lokhande (@lokhandeankita) on





অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই যে সুশান্ত সিং ৰাজপুতে এই ফ্লেটৰ ইএমআই কিমান দিলে আৰু কিমান দিবলৈ বাকী আছে। অৱশ্যে এক্টৰ জনৰ একাউণ্টৰ ডিটেইলছৰ পৰা গম পোৱা গৈছে যে প্ৰতিমাহে এই ফ্লেটটোৰ কাৰণে ইএমআই কৰ্তন কৰা হৈছিল। উল্লেখ্য যে, সুশান্ত সিং ৰাজপুত আৰু অংকিতা লোখাণ্ডেৰ ৬বছৰৰ সম্পৰ্কৰ অন্তত ২০১৬চনত দুয়োৰ বিচ্ছেদ হৈছিল। দুয়ো চুপাৰহিট চিৰিয়েল পৱিত্ৰ ৰিস্তাৰ চেটত লগ হৈছিল। ইয়াৰ পিছতে সম্পৰ্ক গঢ়িছিল।

শেহতীয়া বাতৰি