• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ‘সুশান্তক হত্যা কৰা হৈছে’, আত্মহত্যাৰ দাবী নস্যাৎ কৰি পৰিয়ালে বিচাৰিলে তদন্ত!

‘সুশান্তক হত্যা কৰা হৈছে’, আত্মহত্যাৰ দাবী নস্যাৎ কৰি পৰিয়ালে বিচাৰিলে তদন্ত!

সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ পৰিয়ালে ষড়যন্ত্ৰৰ অভিযোগ কৰিছে আৰু এইক্ষেত্ৰত এক তদন্ত দাবী কৰিছে। 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ পৰিয়ালে ষড়যন্ত্ৰৰ অভিযোগ কৰিছে আৰু এইক্ষেত্ৰত এক তদন্ত দাবী কৰিছে। 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ পৰিয়ালে ষড়যন্ত্ৰৰ অভিযোগ কৰিছে আৰু এইক্ষেত্ৰত এক তদন্ত দাবী কৰিছে। 

  • Share this:
পাটনাঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰৰ এটা দিনৰ পিছতে পৰিয়ালে সোমবাৰে অভিযোগ কৰে যে বলিউড তাৰকাজনে নিজকে নিজে হত্যা কৰা নাই বৰং তেওঁক হত্যা কৰা হৈছে। পৰিয়ালে লগতে এই মৃত্যুৰ আঁৰত এক ষড়যন্ত্ৰৰ অভিযোগ কৰে। এক উচিত আৰক্ষীৰ তদন্ত বিচাৰিলে পৰিয়ালে।

সুশান্তৰ মামাকে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে, ‘আমি নাভাবো যে সি আত্মহত্যা কৰিছে, আৰক্ষীয়ে এই বিষয়ত তদন্ত কৰক। মৃত্যুৰ আঁৰত ষড়যন্ত্ৰ নিহিত হৈ আছে। তেওঁক হত্যা কৰা হৈছে।


আনহাতে বিহাৰৰ জন অধিকাৰ পাৰ্টীৰ মুৰব্বী পাপ্পু যাদৱে অভিনেতাজনৰ পাটনাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জনায়। ইয়াৰ পিছতে নেতাজনে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ CBI তদন্ত বিচাৰে।

উল্লেখ্য যে, বলিউডৰ অভিনেতাজনে বিগত ৫–৬মাহ ধৰি ক্লিনিকেল ডিপ্ৰেছনত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে সুশান্ত সিঙৰ ব্যক্তিগত চিকিৎসকক এই সন্দৰ্ভত সোধা–পোছা কৰিছে।

দেওবাৰে অভিনেতাজনৰ মৃত্যুৰ পিছতে ৰাজপুতৰ ভগ্নী আৰু মেনেজাৰে আৰক্ষীক কয় যে তেওঁ ডিপ্ৰেছনত ভুগি আছিল আৰু কিছুদিনৰ পৰা দৰৱ ল’বলৈ বাদ দিছিল।

সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কি কয়?

মুম্বাইৰ ডাঃ আৰ এন কুপাৰ মিউনিচিপাল জেনেৰেল হাস্পতালত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্য মতে আহিছে যে এয়া মূলতঃ এক আত্মহত্যা। ইয়াৰ সুশান্ত সিং ৰাজপুতৰ আভ্যন্তৰীণ অংগসমূহ জে জে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে কোনো বিষাক্ত দ্ৰব্যৰ উপস্থিতি আছে নে কি সেয়া চাবলৈ।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি