মুম্বাইঃ দিনবোৰ মাথো পাৰ হৈ গৈ আছে। সুশান্তৰ অনুৰাগীৰ লগতে পৰিয়ালৰ কাৰণে এতিয়া তেওঁ কেৱল স্মৃতি। অনুৰাগীসকলৰ মনত সুশান্ত এক উজ্বল তাৰকা আৰু তাৰ প্ৰমাণ দিল বেচাৰাৰ অভূতপূৰ্ব সাফল্য।
পৰিয়ালৰ কাৰণে সুশান্ত গুচি যোৱাট ব্যক্তিগত অপূৰণীয় ক্ষতি। ভগ্নীহঁতৰ মৰমৰ সুশান্তই মৃত্যুৰ চাৰিদিন আগতে কৰা এক হোৱাটছএপ চেট শেহতীয়াকৈ চৰ্চালৈ আহিছে। বিদেশত থকা বায়েকৰ সৈতে কথা পাতিছিল সুশান্তই। উৰা মাৰি গৈ বায়েকৰ কাষ পাবলৈ মন কৰিছিল সুশান্তই। বায়েকেও ভায়েকৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। কিন্তু ভায়েক নাহিল, মানে আৰু কোনো দিনেই নাহে। হেৰাই গ’ল মৰমৰ সৰু ভাইটি।
স্মৃতিকাতৰ মনেৰে বায়েক শ্বেতা সিঙে শেহতীয়াকৈ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভায়েকৰ সৈতে পতা কথাৰ চেট। সুশান্তৰ মৃত্যুৰ ঠিক চাৰিদিন পূৰ্বে বায়েকৰ সৈতে কি কথা পাতিছিল বায়েকে?
এই কথা বতৰাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি শ্বেতাই লিখিছে, ‘বহু প্ৰাৰ্থনাৰ পিছত মা–দেউতাৰ জীৱনলৈ পুত্ৰ সন্তান আহিছিল। মই ভাইটি এটা পাইছিলো। আজি সকলো শূণ্য! সকলো ফাঁকি...’ শৈশৱৰ অনেক কথাই শ্বেয়াৰ কৰিলে সুশান্তৰ জ্যেষ্ঠ ভগ্নীয়ে।
FIRST PUBLISHED : July 27, 2020, 17:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|