মুম্বাইঃ অভিনেতা সুশান্ত সিং ৰাজপুত মাত্ৰ ৩৪বছৰ বয়সতে গুচি গ’ল। তেওঁৰ অন্তিম সৎকাৰ মুম্বাইৰ ভিলে পাৰ্ল স্থিত শ্মশান ঘাটত কৰা হয়। দেওবাৰে ফাঁচ লগাই আত্মহত্যা কৰাৰ সুশান্তৰ মৃতদেহ বান্দ্ৰাৰ তেওঁৰ এপাৰ্টমেণ্টত উদ্ধাৰ কৰা হৈছিল। মাত্ৰ ৩৪বছৰ বয়সতে পৃথিৱীৰ মোহ এৰিলে অভিনেতাজনে। সুশান্তক চিৰবিদায় দিবলৈ তেওঁৰ পিতৃ, পৰিয়ালৰ অন্য সদস্য দুপৰীয়া মুম্বাইত উপস্থিত হয়। ভিলে পাৰ্লৰ পৱন হংস শ্মশান ঘাটত সুশান্তক শেষ বিদায় জনোৱা হয়।
![]()
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে সুশান্ত সিং ৰাজপুতৰ অন্তিম সৎকাৰত বেছি সংখ্যক লোকে অংশ ল’ব নোৱাৰে। অভিনেতাজনৰ পিতৃৰ বাহিৰে একাংশ ঘনিষ্ঠহে উপস্থিত থাকে।
![]()
বিহাৰৰ ৩৪বছৰীয়া অভিনেতা সুশান্তই যথেষ্ট সংগ্ৰাম কৰিহে সফলতা লাভ কৰিছিল। টিভিৰ পৰ্দাত ‘পবিত্ৰ ৰিষ্টা’ চিৰিয়েলৰ জৰিয়তে সফলতা লাভ কৰাৰ পিছতে চিনেমালৈ আহিছিল সুশান্ত। ‘এম এছ ধোনী’ত নিজৰ অভিনয়ৰ কাৰণে যথেষ্ট প্ৰশংসা লাভ কৰিছিল সুশান্তই। কিন্তু বিগত কিছু বছৰ তেওঁৰ কেৰিয়াৰৰ কাৰণে যথেষ্ট উত্থান–পতনেৰে ভৰা আছিল। তেওঁৰ ছবি ‘সোণচিৰিয়া’ই যথেষ্ট প্ৰশংসা লাভ কৰাৰ পিছতো বক্স অফিচত ফ্লপ হৈছিল। সেইদৰে ‘ড্ৰাইভ’ ছবিখনক চিনেমা হলত ৰিলীজ নিদিয়াক লৈ সুশান্ত যথেষ্ট ক্ষুব্ধ আছিল।
যোৱাবছৰ নিজৰ ছবি ‘ছিচৰে’ত সুশান্তই এনে এজন পুত্ৰৰ পিতৃৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল যিজনে আত্মহত্যা কৰাৰ অপচেষ্টা কৰে। চিনেমাখনত সুশান্তই নিজৰ পুত্ৰক এই আত্মহত্যাৰ চিন্তা ত্যাগ কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল। আৰক্ষীৰ মতে ডিপ্ৰেচনৰ সৈতে যুঁজি আছিল অভিনেতাজনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|