সংগ্ৰামৰ কথা কি কৈছিল সুশান্ত সিং ৰাজপুতে? বান্ধৱী লৰেন গটালিবে শ্বেয়াৰ কৰিলে হোৱাটছএপ চাট

News18 Assam | News18-Assam
Updated:June 23, 2020, 12:50 PM IST
সংগ্ৰামৰ কথা কি কৈছিল সুশান্ত সিং ৰাজপুতে? বান্ধৱী লৰেন গটালিবে শ্বেয়াৰ কৰিলে হোৱাটছএপ চাট
সুশান্তৰ ভাল বান্ধৱী লৰেন গটালিবে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে হোৱাটছএপ চেটৰ স্ক্ৰীণশ্বট। 

সুশান্তৰ ভাল বান্ধৱী লৰেন গটালিবে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে হোৱাটছএপ চেটৰ স্ক্ৰীণশ্বট। 

  • Share this:
সুশান্ত সিং ৰাজপুত গুচি যোৱাৰ পিছত অনুৰাগীসকলৰ লগতে মৰ্মাহত হৈছে তেওঁৰ ঘনিষ্ঠ বন্ধুমহল। তেওঁক মনত পেলাই ছচিয়েল মিডিয়াত তেওঁৰ সৈতে জৰিত স্মৃতি শ্বেয়াৰ কৰিছে বহুজনে। শেহতীয়াকৈ ডান্সাৰ তথা এক্ট্ৰেছ লৰেন গটালিবে সুশান্তৰ সৈতে হোৱা পুৰণি কথা–বতৰাৰ এক স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰিছে। দুয়ো ইণ্ডাষ্ট্ৰীৰ বিষয়ে পৰস্পৰৰ সৈতে কথা পাতিছে। সুশান্তে নিজৰ বান্ধৱীক ইয়াত কৈছে যে তেওঁ বহিৰাগত বুলি মানি লৈছে কিন্তু তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ কষ্ট কৰি গৈছে আৰু এনেকৈ টিভিৰ পৰা চিনেমালৈ যাত্ৰা কৰিছে।

এই চেট পঢ়িলে আপুনি গম পাব যে সুশান্তই নিজৰ লগতে আনকো সপোন পূৰণ কৰিবলৈ প্ৰেৰণা দিছিল।




 





View this post on Instagram




 

Today, I finally brought myself to look at my WhatsApp messages with Sushant over the years. I came across one conversation that broke my heart all over again, as it was filled with so much love, kindness, and true support for one another’s dreams! I felt a deep connection with Sushant as we were both “outsiders” and I looked up to him tremendously! I wanted to share this chat we had to remind everyone to walk, talk, and treat EVERYONE with this great amount of LOVE and SUPPORT as HE shared!!! I’m seeing so much hate going around. I do not want to tell anyone how to grieve, my process this week looked pretty ugly, BUT I think one of the BEST ways to honor his legacy is to BE THE BRIGHT, BEAUTIFUL, LOVING LIGHT that he exuded each and every day. The world is a better place because of Sushant’s humble heart. Let’s keep sharing his magic and be kind to one another 💖


A post shared by L A U R E N (@laurengottlieb) on






বান্ধৱী লৰেন গটালিবে সুশান্তৰ সৈতে হোৱা কথা বতৰাৰ কিছু অংশ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে–মই আজি কিছু বছৰ পুৰণি সুশান্তৰ সৈতে হোৱা চাট চালো। মোৰ বুকুখন গধুৰ হৈ গ’ল। ইয়াত বহুত মৰম আছিল, দয়া ভাৱ আছিল এজন মানুহে আন এজন মানুহৰ সপোনক প্ৰদান কৰা সঁচা সমৰ্থন আছিল। মই সুশান্তৰ সৈতে গভীৰ কানেক্ট অনুভৱ কৰিছিলো কাৰণ আমি দুইজনেই আউটচাইডাৰ আছিলো আৰু সাংঘাতিক আছিলো। মই আচলতে এই কথা–বতৰাবোৰ শ্বেয়াৰ কৰিব বিচৰা নাছিলো। এইকেইদিন ইমান ঘৃণা দেখা গৈছে চৌদিশে, মনত পেলাব বিচাৰিছো যে প্ৰতিজন মানুহক এনেকৈ মৰম আৰু সন্মান কৰক। সুশান্তৰ অন্তৰখনৰ কাৰণে এই পৃথিৱীখন এক ভাল পৃথিৱী হৈ আছে। আহক তেওঁৰ সেই যাদু আনৰ মাজতো বিয়পাও আৰু আনৰ প্ৰতি দয়া ভাৱ ৰাখো।’

দুয়োৰে এই কথা–বতৰা এম এছ ধোনী ৰিলিজ হোৱাৰ পূৰ্বৰ। এই কথা–বতৰাত সুশান্তে নিজকে সাধাৰণ চেহেৰাৰ মধ্যমীয়া প্ৰতিভাৰ ব্যক্তি বুলি কৈছে।
First published: June 23, 2020, 12:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading