সুশান্তৰ মৃত্যুৰ তদন্ত তীব্ৰতৰ! ৭ঘণ্টা জেৰা সহ অভিনেত্ৰী সঞ্জনাক, শেখৰ কাপুৰকো কৰা হ’ব সোধা–পোচা

News18 Assam | News18-Assam
Updated:July 1, 2020, 1:21 PM IST
সুশান্তৰ মৃত্যুৰ তদন্ত তীব্ৰতৰ! ৭ঘণ্টা জেৰা সহ অভিনেত্ৰী সঞ্জনাক, শেখৰ কাপুৰকো কৰা হ’ব সোধা–পোচা
মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে যে সঞ্জনা সংঘিৰ পিছত শেখৰ কাপুৰকো সোধা–পোচা কৰা হ’ব। সুশান্তৰ মৃত্যুৰ পিছতে তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছিল পৰিচালকজনে। তেওঁৰ পৰা কিছু তথ্য পোৱাৰ আশা কৰিছে মুম্বাই আৰক্ষীয়ে। 

মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে যে সঞ্জনা সংঘিৰ পিছত শেখৰ কাপুৰকো সোধা–পোচা কৰা হ’ব। সুশান্তৰ মৃত্যুৰ পিছতে তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছিল পৰিচালকজনে। তেওঁৰ পৰা কিছু তথ্য পোৱাৰ আশা কৰিছে মুম্বাই আৰক্ষীয়ে। 

  • Share this:
মুম্বাইঃ সুশান্তৰ মৃত্যুৰ তদন্তত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে পৰিচালক শেখৰ কাপুৰে। প্ৰয়াত সুশান্ত সন্দৰ্ভত টুইটাৰত কৰা কেতবোৰ মন্তব্যৰ পিছতে আৰক্ষীয়ে তেওঁৰ পৰা নজনা তথ্য উদ্ধাৰ কৰাৰ আশা প্ৰকাশ কৰিছে। টুইটাৰত সুশান্তৰ মৃত্যু সন্দৰ্ভত শোক প্ৰকাশ কৰি শেখৰ কাপুৰে অভিনেতাজন অৱসাদত ভুগি থকাৰ কথা উল্লেখ কৰিছিল।

সুশান্তৰ অন্তিমখন ছবিৰ অভিনেত্ৰী সঞ্জনা সংঘিক ৭ঘণ্টাৰ অধিক সময় জেৰা কৰে বান্দ্ৰা থানাৰ আৰক্ষীয়ে। দুয়ো অভিনয় কৰা ছবি ‘দিল বেচাৰা’ মুক্তি লাভ কৰিব ডিজনী হটষ্টাৰত ২৪জুলাইত। সঞ্জনাৰ পিছত শেখৰ কাপুৰকো ব্যক্তব্য কৰা হ’ব ৰেকৰ্ড।

য়শৰাজ ফিল্মছৰ সৈতে সুশান্তৰ কি চুক্তি হৈছিল বা কামক লৈ কোনো মতবিৰোধ হৈছিল নে কি সন্দৰ্ভত শেখৰ কাপুৰৰ পৰা জানিব বিচাৰিছে আৰক্ষীয়ে। কাৰণ পানী ছবিৰ প্ৰযোজক আছিল য়শৰাজ ফিল্মছ। এই ছবিখনক লৈ খুব আশাবী আছিল সুশান্ত আৰু শেখৰ কাপুৰ। কেতবোৰ মতবিৰোধৰ কাৰণে চিনেমাখন সম্পূৰ্ণ বন্ধ হৈ পৰিছিল।

য়শৰাজ ফিল্মছৰ সৈতে তিনিখন চিনেমাৰ কাৰণে চুক্তিবদ্ধ হৈছিল সুশান্ত সিং ৰাজপুত। সেই চুক্তি অনুসৰি প্ৰথম চিনেমাখনৰ বাবদ অভিনেতাজনক ৩০লাখ টকা, দ্বিতীয়খন চিনেমাৰ কাৰণে ৬০লাখ টকা আৰু তৃতীয়খন চিনেমাৰ কাৰণে ১কোটি টকা দিয়াৰ কথা আছিল। সেইমৰ্মে শুদ্ধ দেশী ৰোমান্সৰ কাৰণে সুশান্তই ৩০লাখ টকা মাননি পাইছিল। ইয়াৰ পিছত ২০১৫চনত ডিটেকটিভ ব্যোমকেশ বক্সী চিনেমাৰ কাৰমে সুশান্তই পাইছিল ১কোটি টকা। শেষৰ খন চিনেমা আছিল শেখৰ কাপুৰৰ পানী কিন্তু তাতেই সমস্যা হয় আৰু ২০১৫চনত য়শৰাজৰ সৈতে চুক্তি ভংগ কৰে সুশান্তই।

সুশান্তৰ ভগ্নী মিতুয়ে স্বামী সহ আৰক্ষীৰ প্ৰশ্নৰ সন্মুখীন হৈছে। আৰক্ষীয়ে সোধা–পোচা কৰিছে সুশান্তৰ বন্ধু মহেশ শেট্টীকো।
First published: July 1, 2020, 1:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading