মুম্বাইঃ সুশান্ত সিং ৰাজপুতৰ (Sushant Singh Rajput Case) মৃত্যুত ড্ৰাগছৰ এংগলক লৈ (Drugs Case) বলিউডত এতিয়া ভূইকঁপ। বলিউডৰ নামী–দামী বহু তাৰকাৰ নাম সাঙোৰ খাইছে ড্ৰাগছ কাণ্ডত। নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰ’ৰ(Narcotics Control Bureau) ৰাডাৰত তাৰকা মণ্ডলী অহাক লৈ এতিয়া কেৱল উৎকণ্ঠা। ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক এনচিবিৰ দলে সোধা–পোচা কৰে। সেইমতে এনচিবিৰ সূত্ৰৰ পৰা প্ৰকাশ পাইছে যে যিটো হোৱাটছএপ গ্ৰুপত ড্ৰাগছক লৈ কথা বতৰা চলিছিল সেইটো গ্ৰুপৰ এডমিন আছিল অভিনেত্ৰী দীপিকা পাডুকোন।
এনচিবিৰ সূত্ৰমতে এই গ্ৰুপটো ২০১৭চনত নিৰ্মাণ কৰা হৈছিল। এই গ্ৰুপত দীপিকা, জয়া শ্বাহ, কৰিশ্মা প্ৰকাশ জৰিত আছিল। এই গ্ৰুপটোৰ জৰিয়তে দীপিকা পাডুকোন আৰু কৰিশ্মাই ড্ৰাগছক লৈ কথা পাতিছিল। আনহাতে প্ৰাপ্ত তথ্যমতে ৰাকুল প্ৰীত সিঙে এনচিবিৰ আগত এই কথা স্বীকাৰ কৰিছে যে ২০১৮ চনত তেওঁ ৰিয়াৰ সৈতে ড্ৰাগছ সন্দৰ্ভত কথা পাতিছিল। ৰাকুল প্ৰীত সিঙে প্ৰকাশ কৰা মতে ৰিয়াই নিজৰ চাটত নিজৰ সামগ্ৰী মগাই পঠিয়াইছিল। ৰাকুল প্ৰীতে কয় যে ৰিয়াৰ বস্তু (ড্ৰাগছ) মোৰ ঘৰত আছিল। বৰ্তমানলৈকে ৰাকুল প্ৰীতে ড্ৰাগছ নিজে লোৱাৰ কথা স্বীকাৰ কৰা নাই।
উল্লেখ্য যে, ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পিছত এনচিবিৰ দলে অভিনেত্ৰী দীপিকা পাডুকোন, সাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক সোধা–পোচা কৰিবলৈ চমন কৰিছে। আনহাতে টিভি এক্টৰ সনম জোহৰ আৰু এবিগেল পাণ্ডেৰ বিৰুদ্ধে এনডিপিএচৰ ধাৰা ২০ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
বৃহস্পতিবাৰে টেলিভিজন তাৰকাকেইগৰাকীক সোধা পোচা কৰাৰ পূৰ্বে তেওঁলোকৰ ঘৰত ৰেইড কৰিছিল এনচিবিয়ে। এই ৰেইডত কম পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হৈছিল।
FIRST PUBLISHED : September 25, 2020, 16:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।