உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • উচ্চতম ন্যায়ালয়ৰ ঘোষণাঃ যিকোনো পৰিস্থিতিত পিতৃৰ আধা সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব কন্যা

    উচ্চতম ন্যায়ালয়ৰ ঘোষণাঃ যিকোনো পৰিস্থিতিত পিতৃৰ আধা সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব কন্যা

    এক বৃহৎ ৰায় অনুসৰি সৰ্বোচ্ছ ন্যায়ালয়ে ঘোষণা কৰিছে যে কন্যাই পিতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ লাভ কৰিব। লাগিলে হিন্দু উত্তৰাধিকাৰ (সংশোধনী) অধিনিয়ম, ২০০৫ৰ পূৰ্বে ক’পাৰ্চেনাৰৰ মৃত্যুয়ে হওক, এই নিয়ম জাৰি হ’ব। 

    এক বৃহৎ ৰায় অনুসৰি সৰ্বোচ্ছ ন্যায়ালয়ে ঘোষণা কৰিছে যে কন্যাই পিতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ লাভ কৰিব। লাগিলে হিন্দু উত্তৰাধিকাৰ (সংশোধনী) অধিনিয়ম, ২০০৫ৰ পূৰ্বে ক’পাৰ্চেনাৰৰ মৃত্যুয়ে হওক, এই নিয়ম জাৰি হ’ব। 

    এক বৃহৎ ৰায় অনুসৰি সৰ্বোচ্ছ ন্যায়ালয়ে ঘোষণা কৰিছে যে কন্যাই পিতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ লাভ কৰিব। লাগিলে হিন্দু উত্তৰাধিকাৰ (সংশোধনী) অধিনিয়ম, ২০০৫ৰ পূৰ্বে ক’পাৰ্চেনাৰৰ মৃত্যুয়ে হওক, এই নিয়ম জাৰি হ’ব। 

    • Share this:
    নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে, কন্যাই পৈতৃক সম্পত্তিৰ অধিকাৰ লাভ কৰিব যিকোনো পৰিস্থিতিতে, লাগিলে হিন্দু উত্তৰাধিকাৰ (সংশোধনী) অধিনিয়ম, ২০০৫ বলৱৎ হোৱাৰ পূৰ্বেই কপাৰ্চনাৰৰ মৃত্যুৱে হওক।

    হিন্দু মহিলাসকলে নিজৰ পিতৃৰ সম্পত্তিত ভাতৃৰ সমানে অংশ লাভ কৰিব। দৰাচলতে ২০০৫চনতে এই আইন আহিছিল যে পৈতৃক সম্পত্তিত পুত্ৰ আৰু কন্যা দুয়োৰে সমান অধিকাৰ থাকিব। কিন্তু এয়া পৰিষ্কাৰ হোৱা নাছিল যে যদি পিতৃৰ মৃত্যু ২০০৫চনৰ পূৰ্বে হ’লে এই আইন পৰিয়ালটোৰ ক্ষেত্ৰত বলৱৎ হ’ব নে নাই? আজি জাষ্টিছ অৰুণ মিশ্ৰাৰ নেতৃত্বত বিচাৰপীঠে এই সিদ্ধান্ত দিয়ে যে এই আইন যিকোনো পৰিস্থিতিতে বলৱৎ হ’ব। যদি পিতৃৰ মৃত্যু আইন অহাৰ আগতে অৰ্থাৎ ২০০৫চনৰ পূৰ্বে হৈছে তেতিয়াও কন্যাই পুত্ৰৰ সমানে অধিকাৰ লাভ কৰিব।

    উল্লেখ্য যে, ২০০৫চনত হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ৰ সংশোধনী কৰা হৈছিল। ইয়াৰ অধীনত কন্যাকো পুত্ৰৰ সমানে সম্পত্তিৰ অংশ প্ৰদানৰ কথা কোৱা হৈছিল। ক্লাছ ৱান উত্তৰাধিকাৰী (Legal heir) হোৱাৰ পৰিপ্ৰেক্ষিতত পিতৃৰ সম্পত্তিত পুত্ৰৰ যিমান অধিকাৰ কন্যাৰো সিমানেই অধিকাৰ। বিয়াৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। নিজৰ অংশৰ সম্পত্তিৰ দাবী হিন্দু বিবাহিত অথবা অবিবাহিত সকলো মহিলাই কৰিব পাৰে।

    (1) হিন্দু আইনৰ অধীনত প্ৰপাৰ্টি দুইধৰণৰ হ’ব পাৰে। এক পিতৃয়ে ক্ৰয় কৰা আৰু দ্বিতীয় পৈতৃক সম্পত্তি যি চাৰিট পুৰুষৰ মাজেৰে এজন ব্যক্তিয়ে লাভ কৰে। আইনৰ মতে ল’ৰা হওক বা ছোৱালী এনে সম্পত্তিত দুয়োৰে জন্মৰ পৰা সমান অধিকাৰ থাকে।

    আইনৰ মতে, পিতৃয়ে এনেধৰণৰ সম্পত্তি ইচ্ছামতে কাকো দিব নোৱাৰে। অৰ্থাৎ এই ক্ষেত্ৰত যিকোনো এজনৰ নামত তেওঁ উইল প্ৰস্তুত কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে তেওঁ কন্যাক নিজৰ অংশ দিয়াৰ পৰা বঞ্চিত কৰিব নোৱাৰে। জন্মৰে পৰা কন্যাই পৈতৃক সম্পত্তিত অধিকাৰ লাভ কৰে।

    (2) পিতৃয়ে ক্ৰয় কৰা সম্পত্তিৰ ক্ষেত্ৰত আইন কি- যদি পিতৃয়ে নিজে প্ৰপাৰ্টি কিনিছে অৰ্থাৎ পিতৃয়ে প্লট বা ঘৰ নিজৰ টকাৰে ক্ৰয় কৰিছে তেনেহ’লে কন্যাৰ ইয়াত অধিকাৰ দুৰ্বল হয়। এই ক্ষেত্ৰত পিতৃয়ে নিজৰ ইচ্ছাৰে সম্পত্তি কাৰোবাক উপহাৰ দিব পাৰে। কন্যাই ইয়াত আপত্তি কৰিব নোৱাৰে।

    (3) পিতৃৰ মৃত্যু হ’লে কি হ’ব- যদি পিতৃয়ে নিজৰ উইল এৰি থৈ যোৱা নাই তেনেহ’লে সকলো উত্তৰাধিকাৰীয়ে প্ৰপাৰ্টিত সমানে অধিকাৰ লাভ কৰিব।
    First published: