‘জীৱন থমকি ৰৈ নাথাকে,’ JEE, NEET পৰীক্ষা পিছুৱাই দিয়াৰ আৰ্জি খাৰিজ ছুপ্ৰীম ক’ৰ্টৰ

এই সন্দৰ্ভত শুনানিত ছুপ্ৰীম ক’ৰ্টৰ বিচাৰপতিয়ে কয়, 'জীৱন থমকি ৰৈ থাকিব নোৱাৰে। আমি সকলো সতৰ্কতা অৱলম্বন কৰি আগুৱাই যাব লাগিব। শিক্ষাৰ্থীসকলৰ জীৱন অনিৰ্দিষ্টকালৰ কাৰণে অনিশ্চয়তাৰ মাজত ৰখাটো ঠিক নহয়।

- News18 Assam
- Last Updated: August 17, 2020, 5:39 PM IST
Supreme Court today dismissed a petition seeking the postponement of the National Eligibility cum Entrance Test (NEET) and Joint Entrance Examination (JEE), scheduled to be held in September 2020. pic.twitter.com/BPyjn8RlGC
— ANI (@ANI) August 17, 2020
ছুপ্ৰীম ক’ৰ্টৰ বিচাৰপতি অৰুণ মিশ্ৰৰ নেতৃত্বত বেঞ্চে জনায়, COVID-19 অতিমাৰীৰ বিষয়টো ছুপ্রীম ক’র্টৰ বিবেচনাধীন। কিন্তু সেইবুলি ছাত্ৰ–ছাত্ৰীসকলৰ সম্পূৰ্ণ এটা বছৰ নষ্ট হ’বলৈ দিয়াটো ঠিক নহয়। এইটো তেওঁলোকৰ কেৰিয়াৰৰ কাৰণে বেয়া। মেডিকেল তথা ইঞ্জিনীয়াৰি প্রৱেশিকা পৰীক্ষা কোৰোণা ভাইৰাছৰ কাৰণে পিছুৱাই দিয়াৰ কাৰণে ছুপ্ৰীম ক’ৰ্টত এক ৰাজহুৱা স্বাৰ্থজৰিত গোচৰ দাখিল কৰা হৈছিল।