Gratuity ক লৈ ডাঙৰ সিদ্ধান্ত! আপোনাৰ গ্ৰেচিউটিৰ টকা ৰখাই দিব পাৰে, জানক উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত...

News18 Assam | News18-Assam
Updated:December 28, 2020, 12:57 PM IST
Gratuity ক লৈ ডাঙৰ সিদ্ধান্ত! আপোনাৰ গ্ৰেচিউটিৰ টকা ৰখাই দিব পাৰে, জানক উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত...
গ্ৰেচিউটিক(Gratuity) লৈ উচ্চতম ন্যায়ালয়ে (Supreme Court) বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। SC–এ কৈছে যে যদি কোনো কৰ্মচাৰীৰ ক্ষেত্ৰত বকেয়া (Dues on Employee) আছে তেনেহ’লে তেওঁৰ গ্ৰেচিউটিৰ টকা ৰখোৱা বা জব্দ কৰা হ’ব পাৰে।

গ্ৰেচিউটিক(Gratuity) লৈ উচ্চতম ন্যায়ালয়ে (Supreme Court) বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। SC–এ কৈছে যে যদি কোনো কৰ্মচাৰীৰ ক্ষেত্ৰত বকেয়া (Dues on Employee) আছে তেনেহ’লে তেওঁৰ গ্ৰেচিউটিৰ টকা ৰখোৱা বা জব্দ কৰা হ’ব পাৰে।

  • News18 Assam
  • Last Updated: December 28, 2020, 12:57 PM IST
  • Share this:
নতুন দিল্লীঃ গ্ৰেচিউটিক (Gratuity) লৈ উচ্চতম ন্যায়ালয়ে (Supreme Court) ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক’ৰ্টে কৈছে যে যদি কোনো কৰ্মচাৰীৰ ক্ষেত্ৰত বকেয়া (Dues on Employee) আছে তেনেহ’লে তেওঁৰ গ্ৰেচিউটিৰ টকা বন্ধ কৰা বা জব্দ কৰা হ’ব পাৰে। লাইভ মিণ্টৰ খবৰ মতে ন্যায়াধীশ সঞ্জয় কৌলৰ অধ্যক্ষতাৰ পীঠে শণিবাৰে এই ঘোষণা কৰে। বিচাৰপীঠে কয় যে যিকোনো কৰ্মচাৰীৰ গ্ৰেচিউটিৰ পৰা দণ্ডবিহিত ভাৰা বা চৰকাৰী আৱাসত ৰিটায়াৰমেণ্টৰ পিছতো থকাৰ জৰিমনা সহ ভাৰা আদায় কৰাৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাই।

বিচাৰপীঠে কয় যে, ‘কোনো কৰ্মচাৰীয়ে যদি নিৰ্ধাৰিত সময়তকৈ অধিক সময় আৱাসত কব্জা কৰি থাকে তেতিয়ে তেওঁৰ পৰা দণ্ডসহ ভাৰা আদায় কৰিব পৰা যাব পাৰে। যদি কোনো কৰ্মচাৰীয়ে টকা নিদিয়ে তেনেহ’লে গ্ৰেচিউটিৰ পৰা আদায় কৰা হ’ব পাৰে।' বিচাৰপীঠত ন্য়ায়মূৰ্তি দিনেশ মাহেশ্বৰী আৰু হৃষিকেশ ৰায়ো আছিল।

লাইভ মিণ্টৰ খবৰ মতে, ষ্টীল অথ’ৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ (SAIL) দ্বাৰা এজন কৰ্মচাৰীৰ গোচৰ সন্দৰ্ভত ক’ৰ্টে এই ঘোষণা কৰে। চেলৰ (SAIL) দ্বাৰা এজন কৰ্মচাৰীৰ পৰা ১.৯৫লাখ টকা জৰিমনা আদায়ৰ প্ৰয়াস কৰা হৈছিল। তেওঁ নিজৰ বকেয়া আৰু অভাৰষ্টেইড ক্লিয়াৰ কৰা নাছিল। ২০১৬চনত অৱসৰ গ্ৰহণ কৰাৰ পিছতো বোকাৰোৰ চৰকাৰী আৱাসত তেওঁ আছিল।

হাইক’ৰ্টে শীৰ্ষ আদালতৰ ২০১৭ৰ আদেশৰ ওপৰত ভৰসা কৰি কয় যে চেলৰ কৰ্মচাৰীৰ গ্ৰেচিউটি তাৎক্ষণিকভাৱে জাৰি কৰা হ’ব লাগে। অৱশ্যে ইয়াত কোম্পানীটোক সামান্য ভাৰা বৃদ্ধি কৰাৰ অনুমতি প্ৰদান কৰিছিল।

সিদ্ধান্ত কি হ’ল?

উল্লেখ্য যে, পীঠে কয় যে যদি কোনো কৰ্মচাৰীয়ে নিৰ্ধাৰিত সময়তকৈ অধিক সময় চৰকাৰী সম্পত্তিৰ ওপৰত কব্জা কৰি ৰাখে তেনেহ’লে তেওঁৰ পৰা দণ্ডসহ ভাৰা আদায় কৰিব পৰা যাব আৰু যদি কৰ্মচাৰীয়ে টকা নিদিয়ে তেনেহ’লে Gratuityৰ ধনৰাশিৰ পৰা টকা কৰ্তন কৰা হ’ব পাৰে। অৱশ্যে ন্যায়মূৰ্তি কৌলৰ শুনানিৰ সময়ত তিনিজনীয় বিচাৰপীঠে ২০১৭ৰ আদেশক আদৰ্শ হিচাপে প্ৰত্যেক ক্ষেত্ৰত ল’ব নোৱাৰাৰ কথা স্বীকাৰ কৰে।

এই ৰায়ৰ পৰা এটা কথা স্পষ্ট হ’ল যে কোনো কৰ্মচাৰীয়ে যদি নিৰ্ধাৰিত সময়তকৈ অধিক কোম্পানীৰ দ্বাৰা আৱণ্টিত আৱাসত থাকে বা কব্জা কৰে তেনেহ’লে তেওঁৰ গ্ৰেচিউটিৰ ৰাশিৰ পৰা সেই ভাৰা জৰিমনা সহ কৰ্তন কৰিব পৰা যাব।
First published: December 28, 2020, 12:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি