মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Super Dancer 4ৰ বাবে শিল্পা শেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে লোৱা মাচুলৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি...

Super Dancer 4ৰ বাবে শিল্পা শেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে লোৱা মাচুলৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি...

News18 Assam | News18-Assam
Updated:April 12, 2021, 4:26 PM IST
Super Dancer 4ৰ বাবে শিল্পা শেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে লোৱা মাচুলৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি...
ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ পৰিছে।

ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ পৰিছে।

  • Share this:
ডান্স ৰিয়েলিটি শ্ব' Super Dancer Chapter 4ত দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিভাশালী প্ৰতিযোগীৰ দক্ষতা। য’ত প্ৰতিযোগীসকলে শিল্পা শেট্টী আৰু গীতা কাপুৰৰ মুখৰ পৰা প্ৰশংসা শুনিবলৈ ব্যাকুল হৈ পৰে।

ডান্সিং ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ পৰাৰ লগতে অনুষ্ঠানটো চাই ভাল পাইছে সকলোৱে ৷ অনুষ্ঠানটোৰ প্ৰতিযোগীসকলৰ প্ৰতিভাৰ লগতে আয়োজক আৰু বিচাৰকসকলৰ আনন্দই অনুষ্ঠানটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। অনুষ্ঠানটোৰ বিচাৰকসকলে তেওঁলোকৰ মন্তব্যৰ দ্বাৰা প্ৰতিযোগীসকলৰ মনোবল বৃদ্ধি কৰা দেখিবলৈ পোৱা যায় ৷ কিন্তু আপুনি জানেনে তেওঁলোকে তাৰ বিনিময়ত কিমান মাচুল লাভ কৰে?

ডান্সিং ৰিয়েলিটি শ্ব' চুপাৰ ডান্সাৰ চেপ্টাৰ 4 শ্ব'ৰ বিচাৰক তথা প্ৰখ্যাত নৃত্য পৰিচালক গীতা কাপুৰ সকলোৰে মাজত অতিকে জনপ্ৰিয় । নিজৰ মমতাময়ী প্ৰতিচ্ছবিৰ সৈতে তেওঁ প্ৰতিযোগীসকলৰ মাজত 'গীতা মা' বুলি জনা যায়। নিৰ্মাতাসকলে গীতা কাপুৰক এই অনুষ্ঠানলৈ অনাৰ বাবে এক বৃহৎ পৰিমাণৰ মাচুল পৰিশোধ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গীতা কাপুৰে এই ছিজনত প্ৰতিটো খণ্ডত ১৫ লাখকৈ টকা লাভ কৰিছে । য’ত যোৱাটো চিজনত তেওঁ প্ৰতিটো খণ্ডৰ বাবে ১২ লাখ টকা লাভ কৰিছিল।

অনুষ্ঠানটোত বলীউডৰ অভিনেত্ৰী শিল্পা শেট্টীক কেৱল গ্লেমাৰেই নহয়, সকলোৰে সৈতে হাঁহি ফুৰ্টি কৰি আনন্দিত কৰি ৰখা বিচাৰক বুলি গণ্য কৰা হয় ৷ অনুষ্ঠানটোত শিল্পা তেওঁৰ এক্সপ্ৰেছনৰ লগতে তেওঁৰ লুকছৰ বাবেও অতি জনপ্ৰিয় । শিল্পাক নিজৰ এই ফুৰ্টিয়াল চৰিত্ৰ শ্ব’টোত বিয়পাবলৈ অনুষ্ঠানৰ নিৰ্মাতাসকলে এক মোটা অংকৰ ধন প্ৰদান কৰিছে । প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকীয়ে বিগত ছিজনত প্ৰতিটো খণ্ডৰ বাবে ১৮ লাখ টকা লৈছিল আৰু চিজন4ৰ বাবে তেওঁ প্ৰতিটো খণ্ডত ২০ লাখ টকা লাভ কৰিছে।

ইপিনে বলীউডৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক অনুৰাগ বসু হৈছে এই ডান্স ৰিয়েলিটি শ্ব' চুপাৰ ডান্সাৰ চেপ্টাৰ 4 শ্ব'ৰ তৃতীয়গৰাকী বিচাৰক। অনুৰাগকো নিৰ্মাতাসকলে এক বুজন পৰিমাণৰ ধন পৰিশোধ কৰিছে। প্ৰতিবেদন অনুসৰি, নিৰ্মাতাসকলে অনুৰাগক প্ৰতিটো খণ্ডৰ বাবে ১২ লাখ টকা দিয়ে । যোৱাটো চিজনত তেওঁ প্ৰতিটো খণ্ডৰ বাবে ১০ লাখ টকা লাভ কৰিছিল।

চুপাৰ ডান্সাৰ চেপ্টাৰ 4 শ্ব'ৰ আঁতধৰোতা ঋত্বিক ধনজানিয়ো হৈছে এগৰাকী টিভি তাৰকা । ঋত্বিকে বিচাৰকসকলৰ লগতে অনুষ্ঠানটোৰ প্ৰতিযোগীসকলৰ সৈতে যথেষ্ট আনন্দ কৰা দেখা যায় । নিৰ্মাতাসকলে অনুষ্ঠানটো পৰিচালনা কৰিবলৈ ঋত্বিকক প্ৰতিটো খণ্ডত ৫ লাখ টকা প্ৰদান কৰি আছে। বিগত চিজনত তেওঁৰ মাচুল আছিল ৩ লাখ টকা।

বিখ্যাত কৌতুক অভিনেতা পাৰিতোষ ত্ৰিপাঠীক ঋত্বিক ধনজানিৰ সৈতে চুপাৰ ডান্সাৰ চেপ্টাৰ4ৰ আঁতধৰোতাৰ ৰূপত দেখিবলৈ পোৱা গৈছে । পাৰিতোষে যোৱা চাৰি বছৰ ধৰি অনুষ্ঠানটো পৰিচালনা কৰি আহিছে। পাৰিতোষ ত্ৰিপাঠীয়ে অনুষ্ঠানটোৰ সময়ত তেওঁৰ কৌতুকপূৰ্ণ শৈলীৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। নিৰ্মাতাসকলে তেওঁলোকক এই ঋতুৰ বাবে প্ৰতিটো খণ্ডৰ বাবে ৪ লাখকৈ টকা প্ৰদান কৰিছে । বিগত চিজনত তেওঁ প্ৰতিটো খণ্ডৰ বাবে ২ লাখ টকা লাভ কৰিছিল।
Published by: Kokil Sarma
First published: April 12, 2021, 4:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি