Super 30ৰ বক্স অফিচত চমকপ্ৰদ প্ৰদৰ্শন, মুক্তিৰ প্ৰথম দিনাই বক্স অফিচ তোলপাৰ

ঋত্বিক ৰৌশনৰ চিনেমা চুপাৰ ৩০ৰ অপেনিং কালেকচন সন্মুখলৈ আহিছে।

News18
Updated:July 13, 2019, 1:26 PM IST
Super 30ৰ বক্স অফিচত চমকপ্ৰদ প্ৰদৰ্শন, মুক্তিৰ প্ৰথম দিনাই বক্স অফিচ তোলপাৰ
ঋত্বিক ৰৌশনৰ চিনেমা চুপাৰ ৩০ৰ অপেনিং কালেকচন সন্মুখলৈ আহিছে।
News18
Updated: July 13, 2019, 1:26 PM IST
ঋত্বিক ৰৌশনৰ চিনেমা চুপাৰ ৩০–এ প্ৰথম দিনাই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। Super 30–এ বক্স অফিচত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাই উন্নত অপেনিং কৰিছে। ঋত্বিক ৰৌশনৰ এই চিনেমাখনক লৈ মুক্তিৰ পূ্ৰ্বেই বাম্পাৰ অপেনিঙৰ আশা কৰা হৈছিল। ভবা ধৰণেই প্ৰথম দিনৰ উপাৰ্জনলৈ চাই এই চিনেমাখনে ১০০কোটিৰ অধিক ব্যৱসায় প্ৰথমটো সপ্তাহতে কৰাটো নিশ্চিত হৈ পৰিছে। আগৰ চিনেমাৰ তুলনাত সম্পূৰ্ণ পৃথক লুকেৰে এই চিনেমাখনত এজন সাধাৰণ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছে ঋত্বিকে।

আনন্দ কুমাৰৰ ৰূপত ঋত্বিক।


বক্স অফিচৰ ৰিপ’ৰ্ট অনুসৰি চিনেমাখনে প্ৰথমদিনাই প্ৰায় ১২কোটি টকাৰ ব্যৱসায় কৰে। শণিবাৰ আৰু দেওবাৰৰ ব্যৱসায় আৰু ভাল হোৱাৰ আশা কৰা হৈছে। শুকুৰবাৰে চিনেমাখন মুক্তি লাভ কৰাৰ দিনা অনুৰাগীসকল ইমানেই উৎসাহী আছিল যে একাংশ ঋত্বিক ফেনে ছবিঘৰৰ সন্মুখত নৃত্য কৰাও দেখা গৈছিল। এই নৃত্যৰ দৃশ্য ছচিয়েল মিডিয়াতো ভাইৰেল হৈছিল।

মাজৰজন বাস্তৱ জীৱনৰ আনন্দ কুমাৰ।


৭০কোটি টকা বাজেটেৰে নিৰ্মিত এই চিনেমাখনৰ কাহিনী বিহাৰৰ এনে এজন শিক্ষকৰ জীৱনৰ ওপৰত আধাৰিত যিজন শিক্ষকে দৰিদ্ৰ শিক্ষাৰ্থীক আইআইটিৰ ক’চিং দিয়ে। বিহাৰৰ প্ৰসিদ্ধ শিক্ষক আনন্দ কুমাৰৰ জীৱনৰ আধাৰত নিৰ্মিত এইখন ছবি। অংকৰ জিনিয়াছ আখ্যা দিয়া আনন্দ কুমাৰৰ বায়’পিকখনত তেওঁৰ জীৱন সংগ্ৰামক তুলি ধৰা হৈছে। অতি সংগ্ৰামৰ মাজেৰে গৈ তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে আৰু পৰৱৰ্তী সময়ত কিছু হতাশাজনক পৰিস্থিতিক নেওচি এক কোচিং চেণ্টাৰত তেওঁ কাম কৰিবলৈ লয়।

নিজৰ জীৱনৰ সংগ্ৰাম যাতে আনে পাৰ কৰিবলগীয়া নহয় তাৰ কাৰণে তেওঁ দৰিদ্ৰ শিক্ষাৰ্থীসকলক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ তেনে শিক্ষাৰ্থীক আইআইটিৰ কাৰণে প্ৰস্তুত কৰিবলৈ লয়। ৰিয়েল লাইফত আনন্দ কুমাৰৰ কোচিং চেণ্টাৰৰ ৯০শতাংশ শিক্ষাৰ্থী আইআইটিত নিৰ্বাচিত হয়। চুপাৰ ৩০–ত ঋত্বিকৰ লগতে পংকজ ত্ৰিপাঠী, আদিত্য শ্ৰীবাস্তৱ আৰু মৃণাল ঠাকুৰে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি