সুকন্যা সমৃদ্ধি যোজনা (SSY) হৈছে কন্যাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক ক্ষুদ্ৰ সঞ্চয় আঁচনি, যাক বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সুতৰ হাৰ প্ৰদান কৰা আঁচনিয়েই হৈছে সুকন্যা আঁচনি ।

কম টকা বিনিয়োগেৰে আপুনিও হ'ব পাৰে লাখ পতি । আজি আমি আপোনাক এখন চৰকাৰী আঁচনিৰ বিষয়ে জনাম য'ত আপুনি অতি কম ধন বিনিয়োগ কৰিয়েই এক বৃহৎ পৰিমাণৰ ধন জমা কৰিব পাৰে। এই চৰকাৰী আঁচনিখনৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা (SSY)। এই আঁচনিয়ে কেৱল আপোনাৰ প্ৰিয়জনৰ ভৱিষ্যত সুৰক্ষিত কৰাই নহয়, এই সৰ্বশ্ৰেষ্ঠ বিনিয়োগ বিকল্পত বিনিয়োগ দ্বাৰা আপুনি আয়কৰ প্ৰদানতো কিছু সকাহ পাাব । এই আঁচনিৰ অধীনত প্ৰতিদিনে ১ টকা ৰাহি কৰিও ইয়াৰ লাভালাভ লাভ কৰিব পাৰিব। গতিকে জানি লওক সুকন্যা সমৃদ্ধি যোজনা (SSY)ৰ বিষয়ে সকলো কথা ।
সুকন্যা সমৃদ্ধি যোজনা কি?
সুকন্যা সমৃদ্ধি যোজনা (SSY) হৈছে কন্যাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক ক্ষুদ্ৰ সঞ্চয় আঁচনি, যাক বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সুতৰ হাৰ প্ৰদান কৰা আঁচনিয়েই হৈছে সুকন্যা আঁচনি ।
ইমান টকাৰে কৰিব পাৰি বিনিয়োগ -
মাত্ৰ ২৫০ টকাৰেই সুকন্যা সমৃদ্ধি যোজনাত এটা একাউণ্ট খুলিব পাৰি। অৰ্থাৎ প্ৰতিদিনে ১ টকা ৰাহি কৰিলেও আপুনি এই আঁচনিখন ধন জমা কৰি ইয়াৰ সুবিধা ল'ব পাৰে। ইয়াত এটা বিত্তীয় বৰ্ষত কমেও ২৫০ টকা জমা কৰিব লাগিব। এটা বিত্তীয় বৰ্ষত SSY একাউণ্টত ১.৫ লাখ টকাতকৈ অধিক ধন জমা কৰিব নোৱাৰি ।
কিমান সুত লাভ কৰা হয় -
সম্প্ৰতি আয়কৰ ৰেহাইৰ সৈতে থকা সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত ৭.৬ শতাংশ হাৰত সুত প্ৰদান কৰি থকা হৈছে । ইয়াৰ পূৰ্বে এই আঁচনিত ৯.২ শতাংশলৈকে সুত দিয়া ছিল। ৮ বছৰ বয়সৰ পিছত কন্যাৰ উচ্চ শিক্ষাৰ বাবে ব্যয়ৰ হিচাপত ৫০ শতাংশ লৈকে ধন উলিয়াব পাৰি।
ম্যাদপুৰ্তিৰ অন্তত লাভ কৰিব ১৫ লাখতকৈ অধিক ধন -
আপুনি এই আঁচনিত যদি প্ৰতি মাহে ৩০০০ টকা বিনিয়োগ কৰে অৰ্থাৎ এবছৰ ৩৬,০০০ টকা, তেন্তে আপুনি ১৪ বছৰৰ পিছত ৭.৬ শতাংশ বাৰ্ষিক কম্পাউণ্ডিত ৯,১১,৫৭৪ টকা লাভ কৰিব। আৰু ২১ বছৰৰ সময়ৰ বাবে হ'লে আপুনি প্ৰায় ১৫,২২,২২১ টকা লাভ কৰিব।
কেনেদৰে একাউণ্ট খুলিব -
সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত ডাকঘৰ বা বাণিজ্যিক শাখাৰ কৰ্তৃত্বপ্ৰাপ্ত শাখাত একাউণ্ট খুলিব পাৰি। কন্যা সন্তানৰ জন্ম লাভৰ ১০ বছৰ আগতে কমেও ২৫০ টকা জমা কৰি এই একাউণ্ট খুলিব পাৰি। এটা বিত্তীয় বৰ্ষত সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত সৰ্বাধিক ১.৫ লাখ টকা জমা কৰিব পাৰি।
কিমান দিনলৈ এই একাউন্ট চলাব পাৰি -
সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট খোলাৰ পিছত কন্যা সন্তানৰ ২১ বছৰ বয়সলৈ বা ১৮ বছৰৰ পিছত বিবাহ পাশত আৱদ্ধ নোহোৱালৈকে চলাব পাৰি ।
ধন জমা নকৰিলে কিমান জৰিমনা দিব লাগিব -
যদি প্ৰতি বছৰে ন্যূনতম ২৫০ টকা জমা কৰা নহয়, তেন্তে একাউণ্টটো বন্ধ কৰি দিয়া হয় আৰু সেই বছৰৰ জমাৰ বাবে প্ৰয়োজনীয় ন্যূনতম ধনৰ সৈতে বছৰি ৫০ টকাৰ জৰিমনা পৰিশোধ কৰি একাউন্টটো পুনৰ খুলিব পাৰি। একাউণ্ট খোলাৰ ১৫ বছৰ পৰ্যন্ত একাউন্টটো পুনৰ সক্ৰিয় কৰিব পাৰি ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|