কন্যা সন্তানৰ এক সুৰক্ষিত ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰে সুকন্যা সমৃদ্ধি যোজনা নামৰ আঁচনিখন আৰম্ভ কৰিছে। ২০১৫ চনৰ পৰা চলি থকা এই আঁচনিৰ অধীনত বেংক একাউণ্ট যিকোনো ডাকঘৰ বা বাণিজ্যিক বেংকত খুলিব পৰা যায়।
কন্যা সন্তানৰ এক সুৰক্ষিত ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰে সুকন্যা সমৃদ্ধি যোজনা নামৰ আঁচনিখন আৰম্ভ কৰিছে। ২০১৫ চনৰ পৰা চলি থকা এই আঁচনিৰ অধীনত বেংক একাউণ্ট যিকোনো ডাকঘৰ বা বাণিজ্যিক বেংকত খুলিব পৰা যায়।
সকলো পিতৃ-মাতৃয়ে জন্মৰ পৰাই নিজৰ কন্যাৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰে। জীয়ৰীৰ পঢ়া-শুনা,উচ্চ শিক্ষা আৰু তাৰ পিছত বিবাহৰ বাবে এতিয়া আৰু চিন্তা নাই। মোদী চৰকাৰৰ এই আঁচনিত ধন বিনিয়োগ কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ কন্যাৰ ভৱিষ্যত।
কন্যা সন্তানৰ এক সুৰক্ষিত ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰে সুকন্যা সমৃদ্ধি যোজনা নামৰ আঁচনিখন আৰম্ভ কৰিছে। ২০১৫ চনৰ পৰা চলি থকা এই আঁচনিৰ অধীনত বেংক একাউণ্ট যিকোনো ডাকঘৰ বা বাণিজ্যিক বেংকত খুলিব পৰা যায়। সাধাৰণতে, ৰাজহুৱা ভৱিষ্যত পুঁজি-পিপিএফ একাউণ্ট খোলাৰ সুবিধা থকা বেংকবোৰৰ দৰে সকলো বেংক সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰে। এই আঁচনিৰ অধীনত ৭.৬ শতাংশ সুত পোৱা যায়।
কন্যাৰ ১০ বছৰ হোৱাৰ পূৰ্বে এই আঁচনিৰ অধীনত বেংক একাউণ্ট খুলিব লাগিব। একাউণ্টত প্ৰতিমাহে নূন্যতম ২৫০ টকা বিনিয়োগ কৰিব পাৰে। সেইদৰে সৰ্বোচ্ছ পৰিমাণ হ'ল ১.৫ লাখ টকা।
সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত একাউণ্ট ২১ বছৰৰ বাবে খোলা হয়। আনকি ছোৱালীজনীৰ বয়স ১৮ বছৰ হ'লেও, একাউণ্টৰ পৰা টকা উলিয়াব পাৰি। সুকন্যা সমৃদ্ধি যোজনাৰ সুতৰ হাৰ ৭.৬ শতাংশ হয়।
যদি আপুনি আপোনাৰ ছোৱালীৰ একাউণ্টত প্ৰতি মাহে ৩,০০০ টকা বিনিয়োগ কৰে। সেইদৰে আপুনি ইয়াৰ ওপৰত ৭.৬ শতাংশ সুত লাভ কৰিলে ২১ বছৰৰ পিছত জমা ধনৰ পৰিমাণ হ'বগৈ ১৫ লাখ টকা।
সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট খুলিবলৈ আপোনাক অন্য একাউণ্ট খুলিবলৈ প্ৰয়োজন হোৱাৰ দৰে সাধাৰণ নথি-পত্ৰৰ প্ৰয়োজন হ’ব। ইয়াৰ বাবে ছোৱালীজনীৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যাৰ বাবে পেন কাৰ্ড, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপোৰ্ট আদি ব্যৱহাৰ কৰিব পাৰি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|