যি সময়ত নিজৰ কেৰিয়াৰত আগবাঢ়িবলৈ একাংশই এৰি দিয়ে বৃদ্ধ পিতৃ-মাতৃৰ হাত, সেইসময়তে এনে একাংশও আছে যিয়ে পিতৃ-মাতৃৰ বাবেই এৰি দিয়ে সকলো।
পিতৃ-মাতৃৰ যত্ন লোৱাৰ লগতে নিজৰ কেৰিয়াৰৰ জখলাতো দোপোতদোপে আগবঢ়া এইগৰাকী লোক হৈছে মেকানিকেল অভিযন্তা বাংগালুৰুৰ গিৰীশ ৰায়।
মেকানিকেল অভিযন্তাৰ লগতে মাৰ্কেটিঙৰ এমবিএ ডিগ্ৰীৰে নামী-দামী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা ৰায়ে ভাৰতত বাস কৰা বৃদ্ধ পিতৃ-মাতৃৰ যত্নৰ বাবে এৰি দিছিল সকলো। আৰু ২০০২ চনত বাংগালুৰুত আৰম্ভ কৰিছিল ভিদাল হেলথ নামৰ এক তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান। যিয়ে স্বাস্থ্য সেৱাৰ দিশটোত তৃতীয় পক্ষৰ সেৱা (TPA) প্ৰদান কৰে। তেওঁৰ এই কামৰ বাবে এগৰাকী টেলিকম আৰু ফিনটেক বিশেষজ্ঞ শংকৰ বালিয়ে তেওঁৰ সৈতে যুটীয়া পৰিচালন সঞ্চালক হিচাপে যোগদান কৰিছিল। ইয়ৰ ষ্টৰীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আজি ভিদাল হেলথে প্ৰায় ৩,০০০ কোটি টকাৰ প্ৰিমিয়াম পৰ্টফলিঅ' পৰিচালনা কৰে।
জানিব পৰা মতে, গিৰীশে ভাৰতত বাস কৰা বৃদ্ধ পিতৃ-মাতৃৰ বাবে স্বাস্থ্য সেৱাৰ লগতে বিদেশত থকা ভাৰতীয়সকলক সহায় কৰিবলৈ এই ব্যৱসায় আৰম্ভ কৰিছিল। এই সম্পৰ্কত তেওঁ কয় এনেদৰে, "আমেৰিকাত বাস কৰা ভাৰতীয়সকলৰ বাবে ভাৰতত বাস কৰা তেওঁলোকৰ পিতৃ-মাতৃৰ যত্ন লোৱাত সমস্যা হয়। সঘনাই তেওঁলোকে ভাৰত ভ্ৰমণ কৰিবও নোৱাৰে। তেনেস্থলত মই বিদেশত থকা ভাৰতীয় আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বাবে এটা সেৱা পৰ্টেল মুকলি কৰিছিলো।"
গিৰীশে এনআৰআই ডাটাবেচ সৃষ্টি কৰিবলৈ কেইবাটাও মডেল প্ৰয়োগ কৰিছিল। ইয়াত বেংকৰ সৈতে কাম কৰাৰ পৰা আদি কৰি এটা কোম্পানী অধিগ্ৰহণ কৰালৈকে সকলো আছিল, যাৰ দ্বাৰা ইণ্টাৰনেট এক্সেছ অবিহনে প্ৰবাসী ভাৰতীয়সকলে তেওঁলোকৰ বৃদ্ধ পিতৃ-মাতৃলৈ শাৰীৰিকভাৱে ই-মেইল পোষ্ট কৰিছিল।
এয়া সকলো কৰিছিল ঠিকেই, কিন্তু গিৰীশৰ ব্যৱসায় বৃদ্ধি হোৱা নাছিল আৰু ২০০০-২০০২ চনৰ ভিতৰত গিৰীশে তেওঁ বিনিয়োগ কৰা সকলো পুঁজি হেৰুৱাই পেলাইছিল। তাৰ পিছতেই চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে স্বাস্থ্য বীমা মুকলি কৰাৰ সময়ত তেওঁ অনুভৱ কৰিছিল যে ভাৰতৰ মুখ্য চহৰসমূহত তেওঁ নিৰ্মাণ কৰা চিকিৎসালয়ৰ নেটৱৰ্কে এতিয়া কাম কৰিব। সেইমৰ্মে তেওঁ ২০০২ চনত ইয়াৰ বাবে আবেদন কৰিছিল আৰু অনুজ্ঞাপত্ৰ লাভ কৰিছিল।
৯০ৰ দশকৰ শেষৰ ফালে ভাৰতত বীমা খণ্ডৰ উদাৰীকৰণ আৰু ইণ্টাৰনেটৰ বৰ্ধিত জনপ্ৰিয়তাই গিৰীশ ৰায়ৰ উদ্যোগিক যাত্ৰা ত্বৰান্বিত কৰিছিল। গিৰীশে কৈছিল,"সেই সময়ত ভাৰতীয় বীমা খণ্ড ব্যক্তিগত সংগঠনৰ বাবে মুকলি কৰা হৈছিল। মই অনুজ্ঞাপত্ৰ লাভ কৰিছিলো আৰু ভিদাল হেলথে ভাৰত আৰু বিদেশৰ স্বাস্থ্য বীমা পলিচীৰ গৰাকীসকলক উন্নত মানদণ্ডৰ সেৱা প্ৰদান কৰাৰ এই অভিযান আৰম্ভ কৰিছিলো।"
ভিদালে ৮০০ তকৈও অধিক স্থানত কাম কৰে -বৰ্তমানে, ভিদাল ভাৰতৰ শীৰ্ষ স্বাস্থ্যসেৱা ব্যৱস্থাপনা কোম্পানীবোৰৰ ভিতৰত এটা। যিয়ে ভাৰতৰ ৮০০ তকৈও অধিক স্থানত কাম কৰে আৰু ১০,০০০ৰো অধিক সেৱা প্ৰদানকাৰীৰ সৈতে অংশীদাৰী। ইয়াৰ ভিতৰত আছে চিকিৎসালয়, ৰোগ নিৰ্ণয় পৰীক্ষাগাৰ আৰু চিকিৎসক। গিৰীশে দাবী কৰে যে ভিদালে প্ৰতি বছৰে ১০ লাখতকৈ অধিক দাবী আৰু আঠ লাখ প্ৰাক-অনুমোদনৰ অনুৰোধ নিষ্পত্তি কৰে। ই আনকি স্বাস্থ্য বীমাত ৩,০০০কোটি টকাৰ প্ৰিমিয়াম পৰ্টফলিঅ' পৰিচালনা কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|