মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»অসমৰ খেলৰ বাবে সুখবৰ, টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসমৰ শুভদ্বীপ ঘোষ

অসমৰ খেলৰ বাবে সুখবৰ, টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসমৰ শুভদ্বীপ ঘোষ

News18 Assam | News18-Assam
Updated:August 23, 2021, 11:58 AM IST
অসমৰ খেলৰ বাবে সুখবৰ, টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসমৰ শুভদ্বীপ ঘোষ
পূৰ্বতে ২০১৩ চনত শুভদ্বীপ ঘোষে অসমৰ পৰা গৈ চাৰিটা ট্যুৰত ইণ্ডিয়া এ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছিল।

পূৰ্বতে ২০১৩ চনত শুভদ্বীপ ঘোষে অসমৰ পৰা গৈ চাৰিটা ট্যুৰত ইণ্ডিয়া এ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছিল।

  • Share this:
অসমৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আই পি এলৰ দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষক শুভদ্বীপ ঘোষ, সকলোৱে তেওঁক মৰমতে জয় বুলিয়েই মাতে। শুভদ্বীপ ঘোষে এইবাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে।
২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া টীম ইণ্ডিয়াৰ মহিলা দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব অসমৰ শুভদ্বীপ ঘোষ।

পূৰ্বতে ২০১৩ চনত শুভদ্বীপ ঘোষে অসমৰ পৰা গৈ চাৰিটা ট্যুৰত ইণ্ডিয়া এ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছিল। ইণ্ডিয়া এ দলৰ সৈতে ঘৰুৱা শৃংখলাত ফিল্ডিং প্ৰশিক্ষক কৰা শুভদ্বীপ ঘোষে পিছলৈ ৱেষ্ট ইণ্ডিজ, নিউজীলেণ্ড, তাৰ পিছত দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ গৈছিল। অসম আৰু ভাৰতীয় ৰে’লৰ হৈ ১৭খনকৈ প্ৰথম শ্ৰেণীৰ ৰঞ্জী ট্ৰফীৰ খেলত অংশ লোৱা সোঁহতীয়া বেটছমেন আৰু অফ স্পীনাৰ শুভদ্বীপ ঘোষে অসম ৰঞ্জী দলৰ প্ৰশিক্ষকৰ দায়িত্বতো আছিল।

নেচনেল ক্ৰিকেট একাডেমী চমুকৈ NCAৰ ফিল্ডিং প্ৰশিক্ষক শুভদ্বীপ ঘোষে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছে। ১৯৯৪-৯৫ চনত অসমৰ হৈ ৰঞ্জী ট্ৰফী অভিষেক ঘটোৱা শুভদ্বীপ ঘোষে ১৭খন খেলত অংশ লৈ ৩১৬ ৰান সংগ্ৰহ কৰিছিল। য’ত আছিল দুটা অৰ্ধশতৰানৰ ইনিংছ।

১৯৬৮ চনৰ ১৩ নবেম্বৰত অসমৰ ডিগবৈত জন্মলাভ কৰা সহজ–সৰল শুভদ্বীপ ঘোষে বৰ্তমান সময়ত ভাল ফিল্ডিং প্ৰশিক্ষক হিচাপে যথেষ্ট সমাদৰ লাভ কৰিছে। অসমৰ ক্ৰিকেট প্ৰেমীয়েও শুভদ্বীপ ঘোষৰ সফলতাত গৌৰৱ অনুভৱ কৰিছে। সম্প্ৰতি ভাৰতীয় ছিনিয়ৰ মহিলা দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব শুভদ্বীপ ঘোষে লাভ কৰাত আনন্দিত অসমৰ ক্ৰিকেটাৰসকল।

ভাৰতীয় দলটোৱে ২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়াৰ ত্ৰিদেশীয় শৃংখলাত অংশ লোৱাৰ উপৰি পিংক বলৰ এখন টেষ্ট মেটছত অংশ ল’ব। টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলটোৱে ১২ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়া অভিমুখে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। তাৰ পৰা উভতি আহি শুভদ্বীপ ঘোষে পুনৰ আইপিএল দলত যোগ দিব।
Published by: Sanjay Kumar Das
First published: August 23, 2021, 11:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি