• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Sleeping Time: বেছি সময় শুলেই সুস্থ জীৱন লাভ নহয়, গৱেষণাত নতুন তথ্য

Sleeping Time: বেছি সময় শুলেই সুস্থ জীৱন লাভ নহয়, গৱেষণাত নতুন তথ্য

Sleeping Time: টোপনিৰ সময় বৃদ্ধিয়ে অংশগ্ৰহণকাৰীসকলৰ উৎপাদনশীলতা, উপাৰ্জন, আৰ্থিক পছন্দ আৰু সুস্থতাৰ ভাৱ বৃদ্ধি কৰা নাছিল বুলি এম আই টিৰ গৱেষকসকলে প্ৰকাশ কৰিছে।

  • Share this:
নিজকে টোপনি (sleep)ৰ পৰা বঞ্চিত কৰাটো কেতিয়াও ভাল বুদ্ধি নহয়। সুস্থ জীৱন (healthy life)ৰ বাবে ৰাতিৰ ভাল টোপনি (Good Sleep)যে গুৰুত্বপূৰ্ণ সেয়া কোনো গোপন কথাও নহয়। কিন্তু কেতিয়াবা এজন লোকে দিনটোত ৮-৯ ঘণ্টা শুই থকাৰ পিছতো ভলদৰে সুস্থ অনুভৱ নকৰে, কাৰণ অধিক সময় শুই থকাৰ তুলনাত ভাল টোপনিৰ মানহে অধিক গুৰুত্বপূৰ্ণ।

মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (MIT)ৰ এক নতুন অধ্যয়নত দেখা গৈছে যে টোপনিৰ সময়সীমা (Sleeping Time) ব্যক্তিৰ মংগলৰ বাবে গুৰুত্বপূৰ্ণ নহয় বৰঞ্চ টোপনিৰ মান (Quality Sleeping)হে গুৰুত্বপূৰ্ণ। গৱেষকসকলে লগতে প্ৰকাশ কৰিছে যে দিনৰ ভাগত চুটি টোপনি (Short Nap)য়ে উৎপাদনশীলতা আৰু সুস্থতাত সহায় কৰে।

চেন্নাই (Chennai)ৰ কম আয়ৰ শ্ৰমিকসকলৰ মাজত এম আই টিৰ অৰ্থনীতিবিদসকলে এই অধ্যয়ন চলাইছিল। গৱেষকসকলে অংশগ্ৰহণকাৰীসকলৰ দৈনন্দিন কাম-কাজৰ সময়ত তেওঁলোকৰ ঘৰতে অধ্যয়ন কৰিছিল। গৱেষকসকলে ব্যক্তিসকলৰ টোপনি প্ৰতি নিশা প্ৰায় আধা ঘণ্টা বৃদ্ধি কৰিবলৈ সক্ষম হয়। কিন্তু টোপনিৰ সময় বৃদ্ধিয়ে অংশগ্ৰহণকাৰীসকলৰ উৎপাদনশীলতা, উপাৰ্জন, আৰ্থিক পছন্দ আৰু সুস্থতাৰ ভাৱ বৃদ্ধি কৰা নাছিল বুলি এম আই টিৰ গৱেষকসকলে প্ৰকাশ কৰিছে।

গৱেষকসকলে পাইছিল যে দিনৰ ভাগত চুটি টোপনিয়ে অংশগ্ৰহণকাৰীসকলৰ সুস্থতা আৰু উৎপাদনশীলতাত সহায়ক হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এম আই টিৰ অধ্যয়নটোৱে এই সিদ্ধান্তত উপনীত হৈছে যে কোনো বাধা নোহোৱাকৈ গুণগত মানৰ টোপনিয়ে ব্যক্তিসকলক যিদৰে লাভৱান কৰে, সেইদৰে কোনো ধৰণৰ বাধাৰ সৈতে অধিক সময় শুই থকাটোৱে ব্যক্তিসকলক উপকৃত নকৰে।
Published by:Manjumoni Borah
First published: