কণমানি দৌৰবিদ গীতাঞ্জলিৰ সপোনে মেলিব দৌৰ, উন্নত প্ৰশিক্ষণৰ বাবে অনা হ'ব গুৱাহাটীলৈ!

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:16 PM IST
কণমানি দৌৰবিদ গীতাঞ্জলিৰ সপোনে মেলিব দৌৰ, উন্নত প্ৰশিক্ষণৰ বাবে অনা হ'ব গুৱাহাটীলৈ!
গীতাঞ্জলিৰ ক্ৰীড়া প্ৰতিভা দেখি তবধ মানিলে ক্ৰীড়া আৰু যুৱ কল্যানৰ সদস্য সচিব লক্ষ্য কোঁৱৰে

গীতাঞ্জলিৰ ক্ৰীড়া প্ৰতিভা দেখি তবধ মানিলে ক্ৰীড়া আৰু যুৱ কল্যানৰ সদস্য সচিব লক্ষ্য কোঁৱৰে

  • Share this:
যোৰহাটৰ পানীচকুৱা নাওখলীয়া ৰহমপুৰৰ ৫বছৰীয়া কণমানি গীতাঞ্জলীৰ ক্ৰীড়া প্ৰতিভাই সৃষ্টি কৰিছে চমকৰ ৷ দৈনিক পোন্ধৰ কিলোমিটাৰ দৌৰে কণমানিজনীয়ে ৷ NEWS18ত সম্প্ৰচাৰিত এই বাতৰিৰ পিছতে দৰিদ্ৰ পৰিয়ালৰ কণমানি গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুকেইজন হৃদয়বান লোক ৷

গীতাঞ্জলিক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ সাজু ক্ৰীড়া আৰু যুৱ কল্যানৰ সদস্য সচিব লক্ষ্য কোঁৱৰ ৷ ইতিমধ্যে ক্ৰীড়া আৰু যুৱকল্যান বিভাগে যোৰহাট জিলা ক্ৰীড়া বিষয়াক গীতাঞ্জলিৰ ঘৰলৈ যাৱলৈ প্ৰদান কৰিছে নিৰ্দেশ ৷

"আমি ইতিমধ্যে যোৰহাট জিলা ক্ৰীড়া বিষয়াক গীতাঞ্জলিৰ ঘৰলৈ যোৱাৰ নিৰ্দেশ দিছো ৷ NEWS18ক ধন্যবাদ জনাইছো, এনে এক ক্ৰীড়া প্ৰতিভাক উলিয়াই অনাত সহায় কৰাত ৷ এটা কথা ভাল লাগিছে যে সমাজৰ একাংশ লোক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৷ ক্ৰীড়াৰ বাবে এয়া নিতান্তই আৱশ্যক ৷" NEWS18ৰে হোৱা সাক্ষাৎকাৰত এনেদৰে কয় ক্ৰীড়া আৰু যুৱ কল্যানৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

কোঁৱৰে লগতে ক'লে, "গীতাঞ্জলিক প্ৰয়োজন হ'লে গুৱাহাটীত প্ৰদান কৰা হ'ব উচ্চমানৰ প্ৰশিক্ষন ৷ ঘৰৰ দালি-ভাত খাই পোন্ধৰ কিলোমিটাৰ এই বয়সত দৌৰা সহজ কথা নহয় ৷ স্পৰ্টছ চাপ্লিমেণ্ট,উন্নত মানৰ প্ৰশিক্ষণে গীতাঞ্জলিৰ দৰে প্ৰতিভাক আগুৱাই নিয়াত সফল হ'ব ৷"

লক্ষ্য কোঁৱৰক এই সুযোগতে সোধা হৈছিল কেতবোৰ আনুষংগিক প্ৰশ্ন ৷ যাৰ উত্তৰত লক্ষ্য কোঁৱৰে ক'লে বহুকেইটা ইতিবাচক পদক্ষেপৰ কথা।  লক্ষ্য কোঁৱৰে কয় যে, ‘আমি শীঘ্ৰেই আৰম্ভ কৰিম ভোগেশ্বৰ বৰুৱা স্পৰ্টছ স্কুল ৷ য'ত উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৰাজ্যৰ ক্ৰীড়া প্ৰতিভা সমূহক ৷ স্কুলখনৰ নিৰ্মাণকাৰ্য প্ৰায় সমাপ্ত হওঁ হওঁ ৷ দুই এমাহতে পাঠদান আৰম্ভ কৰা হ'ব ৷ ’
আৰু চাওক
পৰৱৰ্তী বাতৰি