ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে বেয়া খবৰ!

News18 Assam | News18-Assam
Updated:May 9, 2020, 3:30 PM IST
ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে বেয়া খবৰ!
ভাৰতীয় ষ্টেট বেংকে ৩ বছৰ পৰ্যন্ত এফ ডিত সুতৰ হাৰ ০.২০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে।

ভাৰতীয় ষ্টেট বেংকে ৩ বছৰ পৰ্যন্ত এফ ডিত সুতৰ হাৰ ০.২০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে।

  • Share this:
আকৌ ফিক্সড ডিপজিটৰ সুতৰ হাৰ হ্ৰাস কৰিলে ভাৰতীয় ষ্টেট বেংকে। ১২ মে’ৰ পৰা ২ কোটি টকাতকৈ কম ফিক্সড ডিপজিটত নতুন সুতৰ হাৰ নিৰ্ধাৰণৰ কৰা হৈছে। ইতিমধ্যে তিনি বছৰ পৰ্যন্ত ফিক্সড ডিপজিটৰ সুতৰ হাৰত ০.২০ শতাংশ কম কৰিছে এছ বি আইয়ে। বেংকৰ তৰফৰ পৰা এই সন্দৰ্ভত জাৰি কৰা হৈছে এখন জাননী।

বৰ্তমান ভাৰতীয় ষ্টেট বেংকে ৭ৰ পৰা ৪৫ দিনৰ ফিক্সড ডিপজিটত ৩.৫ শতাংশ সুত দিয়ে। ৪৬ৰ পৰা ১৭৯ দিনৰ বাবে ৪.৫ শতাংশ দিয়ে সুতৰ হাৰ। ১৮০ৰ পৰা ১ বছৰ লৈকে ফিক্সড ডিপজিট কৰিলে ৫ শতাংশ দিয়ে সুতৰ হাৰ

১২ মে’ৰ পিছৰ পৰা-

৭ৰ পৰা ৪৫ দিনত- ৩.৩ শতাংশ
৪৬ৰ পৰা ১৭৯ দিনত-৪.৩ শতাংশ
১৮০ৰ পৰা ২১০ দিনত-৪.৮ শতাংশ
২১১ৰ পৰা এবছৰত-৪.৮ শতাংশ

১ৰ পৰা দুবছৰত-৫.৫ শতাংশ
তিনি বছৰৰ পৰা পাঁচ বছৰত-৫.৭ শতাংশ
৫ৰ পৰা ১০ বছৰত-৫.৭ শতাংশ
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading