বিভিন্ন চৰকাৰী পদক্ষেপ বা সচেতনতাৰ পিছতো একাংশ গ্ৰাহকৰ একাউণ্টৰ পৰা প্ৰৱঞ্চকে ধন হৰলুকী কৰা কাৰ্য চলি আছে। কেতিয়াবা যদি এটিএমৰ পৰা, কেতিয়াবা আকৌ নথি–পত্ৰ জাল কৰি ধন সৰকৰাইছে প্ৰৱঞ্চকে। গ্ৰাহকক সচেতন কৰিবলৈ চৰকাৰী উদ্যোগত বেংকৰ গ্ৰাহকলৈ নিয়মিত বাৰ্তা প্ৰেৰণৰ কাৰ্য চলি আহিছে। কিন্তু গ্ৰাহকে সেই মেছেজ সঠিকভাৱে গুৰুত্ব নিদিয়াৰ ফলত জালিয়াতিৰ বলি হ’বলগীয়া হয়।
সম্প্ৰতি ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা গ্ৰাহকক সচেতন কৰিবলৈ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত সংযুক্ত কৰিছিল। কিন্তু আমোদজনক ঘটনাটো হ’ল, এই মাইক্ৰ’ব্লগিং ছাইটৰ পৰাই প্ৰচূৰ পৰিমাণৰ গ্ৰাহক জালিয়াতিৰ কবলত পৰি তেওঁলোকৰ সাঁচতীয়া ধন হেৰুৱাবলগা হৈছে বুলি তথ্য লাভ কৰা হৈছে। এই বিষয়ে বেংক কৰ্তৃপক্ষই স্পষ্টকৈ জনাইছে যে এই জালিয়াতিৰ বাবে তেওঁলোক দায়ী নহয়। দায়ী গ্ৰাহকসকলৰ অসচেতনতা।
বেংক কৰ্তৃপক্ষই জনাইছে, বেংকৰ ফালৰ পৰা প্ৰেৰণ কৰা বাৰ্তা ভুল বুলি ভাবি অসচেতন হৈ অধিকসংখ্যক গ্ৰাহকে তেওঁলোকৰ কেৱাইচি (KYC) আপলোড কৰিছে মাইক্ৰ’ব্লগিং ছাইট টুটাৰত। তাৰ পৰাই গ্ৰাহকৰ যাৱতীয় তথ্য লাভ কৰে হেকাৰে। ইয়াৰ পিছতে লাখ লাখ টকা সৰকাই নিছে হেকাৰে।
এই বিষয়ে গ্ৰাহকক উদ্দেশ্যি ষ্টেট বেংক অব ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ স্পষ্টীকৰণ, এছবিআয়ে কেতিয়াও ম’বাইলত বাৰ্তা প্ৰেৰণ কৰি সেই ছাইটত ক্লিক কৰি ছাইটত সোমাই গ্ৰাহকসকলক কেৱাইচি আপলোড কৰিবলৈ কোৱা নাই। যদি প্ৰয়োজন হয়, তেন্তে গ্ৰাহকে পোনে পোনে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। গতিকে সাৱধান হওক, য’তে ত’তে আপলোড নকৰিব কেৱাইচি! অন্যথা আপোনাৰ সাঁচতীয়া ধন সৰকাই নিব প্ৰৱঞ্চকে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 06, 2022, 13:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।