মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »১ অক্টোবৰৰ পৰা SBI-এ সলনি কৰিব টকা জমা কৰা আৰু উলিওৱাৰ নিয়ম! জানক এই বিষয়ে

১ অক্টোবৰৰ পৰা SBI-এ সলনি কৰিব টকা জমা কৰা আৰু উলিওৱাৰ নিয়ম! জানক এই বিষয়ে

SBI একাউণ্টৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ কাৰণে সাজু হওক।

SBI একাউণ্টৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ কাৰণে সাজু হওক।

SBI একাউণ্টৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ কাৰণে সাজু হওক।

  • Share this:
    SBIত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন টকা জমা কৰা আৰু একাউণ্টৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত হ’বলৈ গৈ আছে। বেংকে জাৰি কৰা চাৰ্কুলাৰ অনুসৰি ১ অক্টোবৰ, ২০১৯ৰ পিছত আপুনি মাহত মাত্ৰ তিনিবাৰহে বিনামূলীয়াকৈ টকা জমা কৰিব পাৰিব। নতুন নিয়ম অনুসৰি জাৰি কৰা চেকৰ সংখ্যা কমাই দিয়া হৈছে। সেইদৰে চেক বাউন্সৰ জৰিমনা বৃদ্ধি কৰা হৈছে। নতুন নিয়ম ১ অক্টোবৰৰ পৰা সমগ্ৰ দেশত বলৱৎ হ’ব।

    বেংকে চাৰ্ভিছ চাৰ্জক লৈ নতুন সূচী জাৰি কৰিছে আৰু ইয়াৰ মতে এতিয়া চেভিংছ একাউণ্টত এটা বিত্তীয় বৰ্ষত ২৫ৰ সলনি ১০খনহে চেকহে (Cheque Book) বিনামূলীয়াকৈ দিয়া হ’ব। ইয়াৰ পিছত ১০খন চেক ল’লে ৪০টকা দিব লাগিব। ইয়াৰ আগতে বিনামূলীয়া চেকবুক লোৱাৰ পিছত ১০খন চেক ল’লে ৩০টকা দিবলগীয়া হৈছিল। ইয়াৰ জিএছটি বেলেগকৈ দিব লাগিব। উল্লেখযোগ্য যে নিজৰ একাউণ্টত মিনিমাম বেলেন্স মেইনটেইন নকৰিলে চাৰ্জ ৮০শতাংশ হ্ৰাস হোৱাৰ লাভ আপুনি পাব। ইয়াৰ লগতে NEFT আৰু RTGSৰ জৰিয়তে টকাৰ লেন–দেনো সস্তা হৈ পৰিব।

    ১অক্টোবৰৰ পৰা কি কি সলনি হ’ব জানো আহক

    ১) বেংক একাউণ্টত টকা জমা দিয়াৰ নিয়ম–এছবিআইৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন বেংকত টকা জমা দিয়াৰ ক্ষেত্ৰত কৰিবলৈ গৈ আছে। বেংকৰ চাৰ্কুলাৰ অনুসৰি ১অক্টোবৰ, ২০১৯ৰ পিছত আপুনি নিজৰ একাউণ্টত মাহত তিনিবাৰহে টকা বিনামূলীয়াকৈ জমা দিব পাৰিব। যদি ইয়াতকৈ অধিক টকা জমা কৰে তেনেহ’লে প্ৰত্যেক ট্ৰানজেকশ্যনত ৫০টকা (জিএছটি বেলেগ) জমা দিব লাগিব।

    –বেংক চাৰ্ভিছ চাৰ্জত ১২শতাংশ জিএছটি গ্ৰহণ কৰা হয়। এইধৰণে যদি আপুনি চতুৰ্থ, পঞ্চম বা ইয়াতকৈ অধিক বাৰ টকা জমা কৰিব তেতিয়া আপুনি ৫৬টকা বেছি দিব লাগিব।

    –উল্লেখযোগ্য যে এতিয়ালৈ কোনো বেংকত একাউণ্টত টকা জমা কৰাৰ সন্দৰ্ভত কোনো হকা–বধা নাছিল। যিকোনো ব্যক্তিয়ে নিজৰ একাউণ্টত যিমানবাৰ মন যায় টকা জমা কৰিব পাৰিছিল।

    ২) মাহে জমা ৰখা মিনিমাম বেলেন্স সন্দৰ্ভত–চহৰত মিনিমাম বেলেন্স ৫০০০টকাৰ পৰা কমাই ৩০০০ টকা কৰি দিয়া হৈছে। নতুন নিয়মৰ কাৰণে যদিহে কোনো গ্ৰাহকে নিজৰ একাউণ্টত ৩০০০টকা মিনিমাম বেলেন্স ৰাখিব নোৱাৰে আৰু যদিহে তেওঁৰ টকাৰ পৰিমাণ হ্ৰাস পাই ১৫০০টকা হৈ পৰে তেনেহ’লে তেওঁৰ পৰা ১০টকা চাৰ্জ আৰু জিএছটি লোৱা হ’ব।

    –চেমি আৰ্বান ব্ৰাঞ্চত এছবিআইৰ গ্ৰাহকে মিনিমাম মান্থলী বেলেন্স হিচাপে ২০০০টকা ৰাখিব লাগিব। ৰুৰেল ব্ৰাঞ্চত ১০০০টকা মিনিমাম বেলেন্স এভাৰেজ ৰাখিব লাগিব।

    –চেমি আৰ্বান ব্ৰান্সত যদিহে গ্ৰাহকে ৫০শতাংশ কম বেলেন্স মেইনটেইন কৰে তেনেহ’লে তেওঁ ৭.৫০টকা আৰু জিএছটি ভৰিব লাগিব।

    –৫০ৰ পৰা ৭৫শতাংশ টকা মেইনটেইন নকৰাসকলে ১০টকা চাৰ্জ আৰু জিএছটি দিব লাগিব। ৭৫শতাংশৰ ওপৰৰ পৰিমান মেইনটেইন নকৰাসকলে ১২টকা চাৰ্জ আৰু জিএছটি ভৰিব লাগিব।

    –ৰুৰেল ব্ৰান্সত ১০০০টকা মান্থলী এভাৰেজ বেলেন্স মেইনটেইন কৰিবলগীয়া হ’ব আৰু কোনো গ্ৰাহকে ৫০শতাংশৰ কম টকা মেইনটেইন কৰিলে তেওঁ ৫টকা আৰু জিএছটি দিব লাগিব। ৫০শতাংশৰ অধিক আৰু ৭৫শতাংশলৈ ৭.৫০টকা আৰু জিএছটি দিব লাগিব। ৭৫শতাংশৰ অধিক হ’লে ১০টকা চাৰ্জ আৰু জিএছটি দিব লাগিব।

    –২৫হাজাৰ টকা এভাৰেজ মান্থলী বেলেন্স কৰা একাউণ্টধাৰীসকলে মাহত দুবাৰ বিনামূলীয়াকৈ টকা উলিয়াব পাৰিব। ২৫হাজাৰ আৰু ৫০হাজাৰ টকাৰ মাজৰ এভাৰেজ মান্থলী বেলেন্স ৰাশিৰ লোকক ১০বাৰ বিনামূলীয়া টকা উলিয়াবলৈ দিয়া হ’ব।

    –৫০হাজাৰ টকাৰ অধিক আৰু ১,০০,০০০টকা পৰ্যন্ত ১৫টকা শুল্ক আৰু জিএছটি কিন্তু ১লাখ টকা বা ততোধিক টকাৰ গ্ৰাহকক অসীমিত লেন–দেনৰ কৰিবলৈ দিয়া হৈছে।

    ৩) NEFT আৰু RTGSৰ নিয়ম সলনি–নেচনেল ইলেকট্ৰ’নিক ফাণ্ড ট্ৰান্সফাৰ আৰু ৰিয়েল টাইম গ্ৰচ চেটেলমেণ্টৰ শুল্কতো পৰিৱৰ্তন কৰা হৈছে। এয়া ডিজিটেল পেমেণ্ট মাধ্যম বিনামূলীয়া আৰু ব্ৰান্সত ইয়াৰ ওপৰত ফীজ দিব লাগে। ১০হাজাৰ টকালৈ এনইএফটি লেনদেনত ২টকা আৰু জিএছটি।

    –২লাখতকৈ অধিক ধনৰ ক্ষেত্ৰত এনইএফটি কৰিলে ২০টকা চাৰ্জ আৰু জিএছটি দিব লাগিব। সেইদৰে আৰটিজিএছৰ পৰা ২লাখৰ পৰা ৫লাখ টকালৈ লেনদেন কৰিলে গ্ৰাহকে ২০টকা আৰু জিএছটি দিব লাগিব। ৫লাখ টকাৰ অধিক লেনদেনত ৪০টকা আৰু জিএছটি দিব লাগিব।

    –আৰটিজিএছৰ কাৰণে ২লাখৰ পৰা ৫লাখ টকাৰ মাজৰ গ্ৰাহকক ২০টকা ফীজ দিব লাগিব। আনহাতে ৫লাখ টকাৰ অধিক ট্ৰানজেকশ্যনত ৪০ জিএছটি লাগিব।

    –ঘৰুৱা নোহোৱা ব্ৰান্সত নগদ ধন জমা কৰাৰ সীমা অধিকতম ২লাখ টকা প্ৰতিদিন। ইয়াৰ পিছত ঘৰুৱা নোহোৱা ব্ৰান্সত টকা জমা লোৱা নহয়।

    ATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰতো গ্ৰাহকৰ কাৰণে নিয়ম সলনি কৰা হৈছে। পূৰ্বৰ ছবাৰৰ সলনি ১অক্টোবৰৰ পৰা ১০বাৰ চহৰ এলেকাত টকা বিনামূলীয়াকৈ উলিয়াব পাৰিব। আন ঠাইত ১২বাৰ বিনামূলীয়াকৈ পাৰিব।

    শেহতীয়া বাতৰি