সুখবৰ! ১ আগষ্টৰ পৰা বিনামূলীয়াকৈ লওক SBIৰ এইকেইটা সেৱা, জানো আহক এইবিষয়ে

দেশৰ সকলোতকৈ ডাঙৰ বেংক এছবিআইয়ে টকা–পইছাৰ লেন–দেনৰ সৈতে জৰিত নিজৰ অনলাইন চাৰ্ভিচেজ বিনামূলীয়া কৰিবলৈ গৈ আছে। জানো আহক কি কি হ’ব সস্তা?

News18
Updated:July 29, 2019, 8:20 AM IST
সুখবৰ! ১ আগষ্টৰ পৰা বিনামূলীয়াকৈ লওক SBIৰ এইকেইটা সেৱা, জানো আহক এইবিষয়ে
দেশৰ সকলোতকৈ ডাঙৰ বেংক এছবিআইয়ে টকা–পইছাৰ লেন–দেনৰ সৈতে জৰিত নিজৰ অনলাইন চাৰ্ভিচেজ বিনামূলীয়া কৰিবলৈ গৈ আছে। জানো আহক কি কি হ’ব সস্তা?
News18
Updated: July 29, 2019, 8:20 AM IST
অহা সপ্তাহ অৰ্থাৎ ১ আগষ্টৰ পৰা দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই নিজৰ অনলাইন টকা–পইচাৰ লেন–দেনৰ সৈতে জৰিত চাৰ্ভিছ সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিবলৈ গৈ আছে। লগতে জিএছটি কাউন্সিলৰ তৰফৰ পৰা কৰ হ্ৰাস কৰাৰ ফলত বলৱৎ হোৱা নতুন কৰো ১ আগষ্টৰ পৰা ফলপ্ৰসূ হ’ব। ইয়াৰ লগতে নয়ডা আৰু গ্ৰেটাৰ নয়ডাত ঘৰ ক্ৰয় কৰাটো সস্তা হ’বলৈ গৈ আছে। ১ আগষ্টৰ পৰা সম্পত্তিৰ দাম কম হ’ব। ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ হ’ব। এনেকুৱাত আপোনাৰ কাৰণে আহিব সুখবৰ।

জানো আহক ১ আগষ্টৰ পৰা কি কি সস্তা হ’ব?

১) এছবিআইৰ বিনামূলীয়া টকাৰ সৈতে জৰিত এই সেৱাসমূহঃএছবিআইয়ে আইএমপিএছ চাৰ্জ সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ১আগষ্টৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। এতিয়া এছবিআই, য়ন’ এপ, ইণ্টাৰনেট বেংকিং আৰু ম’বাইল বেংকিঙৰ জৰিয়তে ফাণ্ড ট্ৰান্সফাৰ কৰিবলৈ আপুনি ভৰিব নালাগে অতিৰিক্ত টকা। ইয়াৰ পূৰ্বে এছবিআইয়ে ১জুলাইৰ পৰা আৰটিজিএছ আৰু এনইএফটিৰ চাৰ্জ শেষ কৰিছিল। এতিয়া আইএমপিএছ চাৰ্জ শেষ হোৱাৰ ফলত এছবিআইৰ একাউণ্ট থকা ব্যক্তিয়ে অনলাইন ফাণ্ড ট্ৰান্সফাৰ কৰিবলৈ কোনো ধৰনৰ মাচুল দিব নালাগে। 

বেংকে জনোৱা মতে নিজৰ ব্ৰাঞ্চৰ নেটৱৰ্কৰ মাধ্যমত ট্ৰানজেকশ্যন কৰা গ্ৰাহকে সকলো স্লেবত এনইএফটি আৰু আৰটিজিএছ চাৰ্জ ২০শতাংশলৈ হ্ৰাস কৰিছে। ইয়াৰ লগতে ব্ৰাঞ্চ বেংকিঙৰ জৰিয়তে একহাজাৰ টকালৈকে ফাণ্ড ট্ৰান্সফাৰ কৰিবলৈ আইএমপিএছ চাৰ্জো শেষ কৰা হৈছে। আইএমপিএছত ২৪ ঘণ্টা চলে ফাণ্ড ট্ৰান্সফাৰ। এয়া হৈছে এক তাৎক্ষণিক ইণ্টাৰবেংক ইলেকট্ৰ’নিক ফাণ্ড ট্ৰান্সফাৰ সেৱা, ইয়াৰ জৰিয়তে বেনিফিচিয়েৰীৰ একাউণ্টত তৎক্ষণাৎ টকা সোমায়। ২৪ ঘণ্টাৰ যেতিয়াই তেতিয়াই ইয়াক ব্যৱহাৰ কৰিব পাৰি।

২) ইলেকট্ৰিক গাড়ী সস্তা হ’বঃ যদি আপুনি ইলেকট্ৰিক বাহন ল’বলৈ পৰিকল্পনা কৰিছে তেনেহ’লে এই খবৰ আপোনাৰ বাবে। জিএছটি কাউন্সিলৰ ৩৬ সংখ্যক বৈঠকত ই–বাহনত লগা জিএছটি ১২শতাংশৰ পৰা ৫শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। এতিয়া ১০লাখ টকাৰ ইলেকট্ৰিক গাড়ী আপুনি ৭০হাজাৰ টকা কমত পাব। 

৩) নয়ডা আৰু গ্ৰেটাৰ নয়ডাত ঘৰ ক্ৰয় হ’ব কম দামীঃ নয়ডা আৰু গ্ৰেটাৰ নয়ডাত ঘৰ ক্ৰয়া কৰাটো সস্তা হৈ পৰিব। ১ আগষ্টৰ পৰা প্ৰপাৰ্টি চাৰ্কলৰ ৰেট কম হ’ব আৰু ইয়াৰ ফলত ১ আগষ্টৰ পৰা নয়ডা আৰু গ্ৰেটাৰ নয়ডাত ঘৰ ৰেজিষ্ট্ৰী কৰা হৈ পৰিব ৬গুণ সস্তা। একেদৰে গ্ৰুপ হাউচিঙত ৬শতাংশ আৰু কমাৰ্চিয়েলত ২৫শতাংশ চাৰচাৰ্জ সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি