உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • SBIৰ গ্ৰাহকে ATMত কৰিব পাৰিব সীমাহীন লেনদেন, কিন্তু পূৰণ কৰিব লাগিব কিছু চৰ্ত

    SBIৰ গ্ৰাহকে ATMত কৰিব পাৰিব সীমাহীন লেনদেন, কিন্তু পূৰণ কৰিব লাগিব কিছু চৰ্ত

    RBI–এ গ্ৰাহকক প্ৰতিমাহত এক নিৰ্দিষ্ট এ টি এম লেনদেনৰ সুবিধান প্ৰদান কৰাৰ নিৰ্দেশ দিছে SBIক।

    RBI–এ গ্ৰাহকক প্ৰতিমাহত এক নিৰ্দিষ্ট এ টি এম লেনদেনৰ সুবিধান প্ৰদান কৰাৰ নিৰ্দেশ দিছে SBIক।

    RBI–এ গ্ৰাহকক প্ৰতিমাহত এক নিৰ্দিষ্ট এ টি এম লেনদেনৰ সুবিধান প্ৰদান কৰাৰ নিৰ্দেশ দিছে SBIক।

    • Share this:
      দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকক মাহত ৮ৰ পৰা ১০ বাৰলৈ এ টি এম লেনদেনৰ সুবিধান প্ৰদান কৰে। বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰিলে বেংকে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰে নিৰ্দিষ্ট মাচুল। SBI–এ গ্ৰাহকক সীমাহীন লেনদেনৰ সুবিধাও প্ৰদান কৰে। কিন্তু তাৰ বাবে গ্ৰাহকে পূৰণ কৰিব লাগিব বেংকৰ কিছু চৰ্ত।

      বেংকৰ কি চৰ্ত পূৰণ কৰিব লাগিব গ্ৰাহকে :
      ১. একাউণ্টত ৰাখিব লাগিব ন্যূনতম জমাধন
      যদি আপুনি সীমাহীন বিনামূলীয়া এ টি এম লেনদেন কৰিব বিচাৰে তেন্তে আপুনি একাউণ্টত মাহিলী গড়ে ১ লাখ টকা ৰাখিব লাগিব। তেতিয়া ষ্টেট বেংক অব ইণ্ডিয়া গ্ৰুপৰ এ টি এমৰ পৰা সীমাহীন বিনামূলীয়া লেনদেন কৰিব পাৰিব। RBI–এ গ্ৰাহকক প্ৰতিমাহত এক নিৰ্দিষ্ট এ টি এম লেনদেনৰ সুবিধান প্ৰদান কৰাৰ নিৰ্দেশ দিছে SBIক।

      ২. মাহিলী এ টি এম লেনদেনৰ সীমা
      এতিয়া ভাৰতীয় ষ্টেট বেংকে একাউণ্টধাৰীক মেট্ৰ’ চিটীত প্ৰতিমাহে ৮বাৰ বিনামূলীয়া এ টি এম লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত ৫বাৰ SBIৰ এ টি এমত আৰু তিনিবাৰ আন বেংকৰ এ টি এমত লেনদেন কৰিব পাৰে। আনহাতে আন স্থানৰ গ্ৰাহকে মাহত ১০বাৰ বিনামূলীয়া এ টি এম লেনদেনৰ সুবিধা লাভ কৰে। এই সীমা অতিক্ৰম কৰিলে ৫ টকাৰ পৰা ২০ টকাপৰ্যন্ত ভৰিবলগীয়া হয়।

      ৩. ১০বাৰ বিনামূলীয়া লেনদেন
      মাহিলী গড়ে ২৫,০০০ টকা জমাধন ৰখা এছ বি আইৰ গ্ৰাহকে ষ্টেট বেংক অব ইণ্ডিয়া গ্ৰুপৰ যিকোনো এ টি এমৰ পৰা প্ৰতিমাহে ১০ বাৰ বিনামূলীয়া লেনদেনৰ সুবিধা লাভ কৰে।
      Published by:Sanjay Kumar Das
      First published: