• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৪৪ কোটি গ্ৰাহকক সতৰ্ক কৰি দিলে SBI–এ, ৩০ জুনৰ পিছত নচলিব PAN কাৰ্ড!

৪৪ কোটি গ্ৰাহকক সতৰ্ক কৰি দিলে SBI–এ, ৩০ জুনৰ পিছত নচলিব PAN কাৰ্ড!

SBI–এ টুইটাৰযোগে জনায় যে আধাৰ আৰু পেন লিংক কৰাটো বাধ্যতামূলক।

SBI–এ টুইটাৰযোগে জনায় যে আধাৰ আৰু পেন লিংক কৰাটো বাধ্যতামূলক।

SBI–এ টুইটাৰযোগে জনায় যে আধাৰ আৰু পেন লিংক কৰাটো বাধ্যতামূলক।

  • Share this:
যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তেন্তে এই খবৰ আপোনাৰ বাবে অতি প্ৰয়োজনীয়। State Bank Of India (SBI)ই নিজৰ ৪৪ কোটি গ্ৰাহকক সতৰ্ক কৰি দিছে যে ৩০ জুনৰ পূৰ্বে গ্ৰাহকে নিজৰ PAN আৰু Aadhaar লিংক কৰি লওক। অন্যথা পিছত লেনদেনত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

SBI–এ টুইটাৰযোগে জনায় যে আধাৰ আৰু পেন লিংক কৰাটো বাধ্যতামূলক। যদি পেন আৰু আধাৰ লিংক কৰা নহয়, তেন্তে PAN ইনএক্টিভ হৈ যাব আৰু গ্ৰাহকৰ লেনদেনত সমস্যা হ’ব। পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩০ জুন।

SBI–এ টুইট কৰি নিজৰ গ্ৰাহকসকলৰ জ্ঞাতাৰ্থে লিখিছে, আমি নিজৰ গ্ৰাহকসকলক পৰামৰ্শ দিছে যে তেওঁলোকে নিজৰ পেন আৰু আধাৰ লিংক কৰক যাতে বেংকিং সেৱাত কোনো বাধা নাহে।

উল্লেখযোগ্য যে কৰদাতাসকলৰ হ’বলগীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আধাৰ আৰু পেন লিংক কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰি ৩০ জুন ২০২১ কৰিছে। চৰকাৰে ২০১৭ চনতে প্ৰথমবাৰ পেন আৰু আধাৰ লিংক কৰাৰ সময়সীমা বান্ধি দিছিল।
Published by:Sanjay Kumar Das
First published: