আজিকালি প্ৰায় সকলো লোকেই নিজৰ ব্যৱসায় কৰিব বিচাৰে আৰু এক বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিব বিচাৰে। যদি আপুনিও আপোনাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰি আছে নেকি? জানি লওক এই ব্যৱসায়ৰ বিষয়ে,য'ত আপুনি কম বিনিয়োগেৰে অধিক লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব ।
গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, আপুনি এই ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰী সহায়ো বিচাৰিব পাৰে। চৰকাৰে আপোনাক এই প্ৰকল্পৰ ব্যয়ৰ ৯০ শতাংশ ঋণ দিব। এইটো হৈছে এনে এটা ব্যৱসায় যাৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। এয়া হৈছে চেনিটাৰী নেপকিনৰ ব্যৱসায়। আপুনি ইয়াক মাত্ৰ ১৫,০০০ টকাত আৰম্ভ কৰিব পাৰে আৰু ১.১০ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে। জানি লওক এই ব্যৱসায়ৰ বিষয়ে সকলো -
ইয়াৰ বাবে চৰকাৰে সহায় কৰিব -চৰকাৰে মুদ্ৰা আঁচনিৰ অধীনত ব্যৱসায়িক প্ৰকল্পত চেনিটাৰী নেপকিনো অন্তৰ্ভুক্ত কৰিছে। প্ৰকল্পৰ প্ৰতিবেদন অনুসৰি, দৈনিক ১,৪৪০ নেপকিন নিৰ্মাণ গোটৰ বিষয়ে কোৱা হৈছে। যদি এটা পেকেটত আঠটা নেপকিন পেক কৰা হয়, তেন্তে দৈনিক ১৮০ টা পেকেট প্ৰস্তুত কৰিব পৰা যাব। এই প্ৰতিবেদন অনুসৰি, যদি আপুনি চেনিটাৰী নেপকিনৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে আপুনি কেৱল ১৬X১৬ ফুট ৰুম এটাত এই গোটটো স্থাপন কৰিব পাৰে।
১৫ হাজাৰ টকাত আৰম্ভ কৰক এই প্ৰকল্প -প্ৰকল্পৰ প্ৰতিবেদন অনুসৰি, যদি আপুনি দৈনিক ১৮০ পেকেট উৎপাদনৰ বাবে এটা গোট স্থাপন কৰে, তেন্তে আপোনাৰ প্ৰকল্পটো ১.৪৫ লাখ টকাৰে আৰম্ভ কৰিব পাৰিব। ইয়াৰ বাবে, যদি আপুনি ৯০ শতাংশ বা ১.৩০ লাখ টকাৰ মুদ্ৰা ঋণ লাভ কৰে, আপুনি নিজৰ ফালৰ পৰা মাত্ৰ ১৫,০০০ টকা বিনিয়োগ কৰিব লাগিব। আপোনাৰ ওচৰত ডিফাইবাৰেচন মেচিন, কোৰ মৰ্ণিং মেচিন, চফ্ট টাচ চিলিং মেচিন, নেপকিন কোৰ ডাই, ইউভি ট্ৰিট ইউনিট থাকিব লাগিব আৰু সেইবোৰ যন্ত্ৰ প্ৰায় ৭০,০০০ টকাত পাব । আপুনি বুড পল্প,ওপৰৰ স্তৰ, পিছফালৰ স্তৰ,ৰিলিজ পেপাৰ,আঠা,পেকিং কভাৰ কেঁচা সামগ্ৰী হিচাপে ল'ব লাগিব। এমাহৰ কেঁচা মাল প্ৰায় ৩৬,০০০ টকাত আহি যাব ।
উৎপাদন ব্যয় কিমান হ'ব ?প্ৰতিবেদন অনুসৰি, গোটেই বছৰটোত ৩০০ দিন কাম কৰিলে ৫৪ হাজাৰ পেকেট উৎপাদন হ'ব, যাৰ ব্যয় নিম্নলিখিত ধৰণৰ হ'ব। কেঁচা মালৰ ওপৰত ৪.৩২ লাখ টকা, দৰমহাৰ ওপৰত ৮৪,০০০ টকা, প্ৰশাসনিক ব্যয় ২৭,০০০ টকা, মূল্যহ্ৰাসৰ ওপৰত ৮,০০০ টকা, বীমাৰ ওপৰত ৮০০ টকা, মেৰামতি ৰক্ষণাবেক্ষণত ৪,০০০ টকা,মুলধনত সুত ১৮,০০০ টকা, বিক্ৰী ব্যয় ১৬,২০০ টকা, অৰ্থাৎ মুঠ ব্যয় ৫.০৯ লাখ টকা।
কিমান হ'ব উপাৰ্জন ? জানি লওক -প্ৰতিবেদনত অনুমান কৰা হৈছে যে, যদি আপুনি পাইকাৰী বজাৰত চেনিটাৰী নেপকিনৰ এটা পেকেট ১৩ টকা মূল্যত বিক্ৰী কৰে, তেন্তে আপুনি মুঠ প্ৰায় ৭.০২ লাখ টকা বিক্ৰী কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ মুঠ বিক্ৰী ৭.০২ লাখ টকা হয়, তেন্তে আপোনাৰ লাভ হ'ব প্ৰায় ১.৮০ হাজাৰ টকা । আগন্তুক বছৰত যন্ত্ৰৰ ব্যয় হ্ৰাস কৰিলে আপোনাৰ লাভ আৰু বৃদ্ধি হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|