আপুনি কম মূলধন বিনিয়োগ কৰি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি? তেনেহ’লে জানি লওক এই নতুন খেতিৰ বিষয়ে। গুৰুত্বপূৰ্ণ যে, ইয়াৰ বাবে চৰকাৰে ৫০ শতাংশলৈকে ৰাজসাহায্য প্ৰদান কৰে। আজিকালি Pearl farmingৰ জৰিয়তে বহুলোকে লাভৰ মুখ দেখিছে।
Pearl farmingৰ বাবে কোনবোৰ সামগ্ৰীৰ প্ৰয়োজন হ'ব?
Pearl farmingৰ বাবে এটা পুখুৰী, অয়েষ্টাৰ (Oyster, যাৰ পৰা Pearl উৎপাদন হয়) আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব। পুখুৰীটো আপুনি আপোনাৰ নিজৰ খৰচত খান্দিব পাৰে, বা চৰকাৰে প্ৰদান কৰা ৫০ শতাংশ ৰাজসাহায্যৰো সুবিধা ল'ব পাৰে।
ভাৰতৰ বহুতো ৰাজ্যত অয়েষ্টাৰ পোৱা যায়। অৱশ্যে, দক্ষিণ ভাৰত আৰু বিহাৰৰ দৰভাঙ্গাৰ অয়েষ্টাৰৰ মানদণ্ড ভাল। ইয়াৰ প্ৰশিক্ষণৰ বাবে দেশত বহুতো প্ৰতিষ্ঠান আছে। মধ্য প্ৰদেশৰ হোচংগাবাদ আৰু মুম্বাইৰ পৰা মুকুতা খেতিৰ প্ৰশিক্ষণ ল’ব পাৰে।
কেনেদৰে Pearl farming কৰিব লাগে?
প্ৰথমে, অয়েষ্টাৰবোৰ এখন জালত বান্ধি ১০ৰ পৰা ১৫ দিনৰ বাবে পুখুৰীত ৰখা হয়।যাতে অয়েষ্টাৰবোৰে নিজৰ মতে এক পৰিৱেশ ক্ৰিয়েট কৰিব পাৰে। পিছত বাহিৰলৈ উলিয়াই অনা হয় আৰু অয়েষ্টাৰৰ ভিতৰত এটা কণা বা সাঁচ সুমুৱাই দিয়া হয়। একোটা সাঁচত আৱৰণ দিয়াৰ পিছত, অয়েষ্টাৰ স্তৰ গঠন হয়, যি পিছলৈ Pearl গঠন কৰে।
২৫,০০০ টকা মূলধনেৰে আৰম্ভণি
এটা অয়েষ্টাৰ প্ৰস্তুত কৰিবলৈ ২৫ৰ পৰা ৩৫ টকা খৰচ হয়। তৈয়াৰ হোৱাৰ পিছত এটা অয়েষ্টাৰ পৰা দুটা Pearl পোৱা যায়। আৰু এটা Pearl কমেও ১২০ টকাত বিক্ৰী হয়। মানদণ্ড ভাল হ’লে, ইয়াৰ মূল্য ২০০ টকাতকৈ অধিক হ'ব পাৰে। যদি আপুনি এক একৰ পুখুৰীত ২৫,০০০ অয়েষ্টাৰ ৰাখে, ইয়াৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব।