যদি আপুনি প্ৰতিদিনৰ একঘেয়ামী কামৰ পৰা আমনি পাইছে তেন্তে আপুনি আৰম্ভ কৰিব পাৰে নিজৰ ব্যৱসায়। এই প্ৰতিবেদনৰ মাজেৰে আমি আজি আপোনাক জনাম এক বিশেষ ব্যৱসায়ৰ বিষয়ে, য'ত আপুনি মাত্ৰ ৫০ হাজাৰ টকা বিনিয়োগ কৰি আৰম্ভ কৰিব পাৰে এই ব্যৱসায় আৰু উপাৰ্জন কৰিব পাৰে লাখ লাখ টকা। এই ব্যৱসায় হৈছে - অনলাইন হৰ্ডিঙৰ ব্যৱসায় (Digital Hoardings Business )।
ডিজিটেলৰ এই যুগত, অনলাইন হৰ্ডিঙৰ ব্যৱসায় আপোনাৰ বাবে লাভজনক চুক্তি হিচাপে প্ৰমাণিত হ'ব পাৰে। ইয়াৰ বাবে নিউজ১৮–এ আউটড'ৰ বিজ্ঞাপন ষ্টাৰ্টআপ কোম্পানী গো হৰ্ডিংছ ডট কম (Gohoardings.com)ৰ প্ৰতিষ্ঠাপক দীপ্তি অৱস্থী শৰ্মাৰ সৈতে কথা পাতিছিল। দীপ্তিয়ে কয় যে, এই ব্যৱসায়ৰ পৰা তেওঁ প্ৰতি মাহে ১ কোটি টকাতকৈ অধিক উপাৰ্জন কৰে। তেনেস্থলত কেনেকৈ ভাৰত আপুনি কেনেকৈ এটা অনলাইন হৰ্ডিং ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু আপুনি কিমান উপাৰ্জন কৰিব পাৰে সেই সম্পৰ্কে জানি লওক এই প্ৰতিবেদনৰ জৰিয়তে।
এবছৰতেই উপাৰ্জন কৰিব পাৰিব কোটি টকা -দীপ্তি অৱস্থী শৰ্মাৰ বয়স মাত্ৰ ২৭ বছৰ বয়সতে ২০১৬ চনত অনলাইন হৰ্ডিং ব্যৱসায় আৰম্ভ কৰিছিল। দীপ্তিয়ে মাত্ৰ ৫০ হাজাৰ টকা বিনিয়োগেৰে আৰম্ভ কৰিছিল অনলাইন হৰ্ডিঙৰ ব্যৱসায়। যদিও পৰৱৰ্তী বছৰৰ পৰাই ১২ কোটি টকা উপাৰ্জন আৰম্ভ কৰিছিল দীপ্তিয়ে আৰু এবছৰ পিছত দীপ্তিৰ কোম্পানীৰ টাৰ্ণঅ'ভাৰ ২০ কোটি অতিক্ৰম কৰিছিল। দীপ্তিয়ে কয়, "মই ২০১৬ চনত অতি কম পৰিমাণৰ ধন ৫০ হাজাৰ টকাৰে ডিজিটেল হৰ্ডিং ব্যৱসায় আৰম্ভ কৰিছিলো। মোৰ এই ধাৰণাটো সফল হৈছিল আৰু কম সময়ৰ ভিতৰতে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিলো।"
ডিজিটেল হৰ্ডিং ব্যৱসায় আৰম্ভ কৰাৰ কাৰণ বৰ্ণনা কৰি তেওঁ লগতে কয়, "মই ইয়াক লৈ গৱেষণা কৰিছিলো আৰু দেখিছিলো যে এই ক্ষেত্ৰখনে অতি অসংগঠিতভাৱে কাম কৰি আছে আৰু ডিজিটেলৰ এই পৃথিৱীত প্ৰতিগৰাকী লোককে ঘৰত বহিয়েই সকলো লাগে। তেনে ক্ষেত্ৰত, এই ব্যৱসায়টো এক সম্পূৰ্ণ লাভজনক এক চুক্তি যেন লাগিছিল।"
জানক কেনেদৰে আৰম্ভ কৰিছিল এই ব্যৱসায় -
মাৰ্কেটিং আৰু প্ৰযুক্তিৰ সহায়ত এই কাম আৰম্ভ কৰিব পাৰি। আপুনি কেৱল আপোনাৰ ডমেইনৰ পৰা এটা ৱেবছাইট সৃষ্টি কৰিব লাগিব। বেৱছাইটো নিজেই প্ৰমোট কৰিব লাগিব। আৰম্ভণিতে আপুনি চাব লাগিব যে মানুহে বিজ্ঞাপন দিবলৈ ক'ত আৰু কেনেদৰে ঠাই বিচাৰি আছে। এই ব্যৱসায় দ্ৰুতগতিত আগবাঢ়ে কিয়নো প্ৰতিদিনে মানুহে ঘৰত বহি বিজ্ঞাপন দিব বিচাৰে।
এনে কাম কৰে দীপ্তিৰ কোম্পানীয়ে-গ্ৰাহকে প্ৰথমে Gohoardings.comৰ ৱেবছাইটলৈ গৈ লগ-ইন কৰিব লাগিব। তাৰ পিছত আপুনি ৱেবছাইটলৈ গৈ লোকেচন অৰ্থাৎ হৰ্ডিং লগোৱা ঠাই অনুসন্ধান কৰি বাছনি কৰিব লাগিব। অৱস্থান বাছনি কৰাৰ পিছত কোম্পানীলৈ এটা মেইল যায়। ইয়াৰ পিছত কোম্পানীৰ দ্বাৰা ছাইট আৰু অৱস্থানৰ উপলব্ধতা নিশ্চিত কৰা হয় আৰু গ্ৰাহক নিশ্চয়তাৰ তথ্য প্ৰেৰণ কৰা হয়। তাৰ পিছত গ্ৰাহকৰ পৰা শিল্পকৰ্ম আৰু অৰ্ডাৰ দিয়া হয়। অৱস্থান ছাইটটোত লাইভ হ'বলৈ এটা আইডি আৰু পাছৱৰ্ড প্ৰদান কৰা হয়। লক্ষ্যণীয় যে এই কোম্পানীটোৱে এমাহৰ বাবে এটা হৰ্ডিং স্থাপন কৰিবলৈ প্ৰায় ১ লাখ টকা গ্ৰাহকৰ পৰা গ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|