• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কেনেকৈ জয় পৰিব ছোৱালীৰ মন? ‘ৰোমাঞ্চৰ ৰজা’ কিং খানে দিলে পৰামৰ্শ!

কেনেকৈ জয় পৰিব ছোৱালীৰ মন? ‘ৰোমাঞ্চৰ ৰজা’ কিং খানে দিলে পৰামৰ্শ!

#AskSRK sessionত শ্বাহৰুখৰ কৌশলী উত্তৰে জয় কৰিছে অনুৰাগীৰ মন৷ অনুৰাগীৰ প্ৰশ্ন পৰিপক্কভাৱে পৰিচালনা কৰা লগতে কৌশলী উত্তৰেৰে ছোৱালীক সন্মান কৰিবলৈ পৰামৰ্শ SRKৰ৷

#AskSRK sessionত শ্বাহৰুখৰ কৌশলী উত্তৰে জয় কৰিছে অনুৰাগীৰ মন৷ অনুৰাগীৰ প্ৰশ্ন পৰিপক্কভাৱে পৰিচালনা কৰা লগতে কৌশলী উত্তৰেৰে ছোৱালীক সন্মান কৰিবলৈ পৰামৰ্শ SRKৰ৷

#AskSRK sessionত শ্বাহৰুখৰ কৌশলী উত্তৰে জয় কৰিছে অনুৰাগীৰ মন৷ অনুৰাগীৰ প্ৰশ্ন পৰিপক্কভাৱে পৰিচালনা কৰা লগতে কৌশলী উত্তৰেৰে ছোৱালীক সন্মান কৰিবলৈ পৰামৰ্শ SRKৰ৷

  • Share this:
বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে (Shah Rukh Khan) বুধবাৰে 'Ask Me Anything' শীৰ্ষক তেওঁৰ টুইটাৰ Sessionৰ আন এটা সংস্কৰণ অনুষ্ঠিত কৰিছিল৷ য’ত কিং খানে অনুৰাগীৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন আৰু অনুৰোধৰ লাভ কৰিছিল। বুধবাৰে দুপৰীয়া টুইটাৰত অভিনেতাজনে তেওঁৰ অনুৰাগীসকলৰ পৰা লাভ কৰা সূৰ্যৰ তলত থকা যিকোনো বস্তু আৰু সকলো বিষয়ক প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থকা দেখি আনন্দিত হৈছিল ব্যৱহাৰকাৰীসকল৷

অভিনেতাজনৰ পৰৱৰ্তী চিনেমাৰ আলোচনাৰ মাজতে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কিং খানক প্ৰেম-জীৱনৰ বাবে কিছু পৰামৰ্শ বিচাৰিছিল। তেওঁৰ নাম লৈ এজন অনুৰাগীয়ে ছুপাৰষ্টাৰগৰাকীক কেনেদৰে ছোৱালীৰ মন জয় কৰিব লাগে তাৰ বিষয়ে কিছুমান পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ কৈছিল।

ব্যৱহাৰকাৰীজনে শ্বাহৰুখ খানক হিন্দীত লিখিছিল, "Ladki Patane k liye ek do tips do"৷

আৰু প্ৰতিদিনৰ দৰেই কিং খানে উত্তৰ দিছিল এনেদৰে, "ছোৱালীৰ ক্ষেত্ৰত "Patana'ৰ দৰে শব্দ ব্যৱহাৰ নকৰাকৈয়ে আৰম্ভ কৰক সকলো। অধিক সন্মানৰ সৈতে নম্ৰ হৈ সকলো চেষ্টা কৰক।"

কিং খানৰ এই উত্তৰ সকলোৱে পছন্দ কৰিছিল কিয়নো তেওঁ অনুৰাগীৰ প্ৰশ্ন পৰিপক্কভাৱে পৰিচালনা কৰা লগতে কৌশলী উত্তৰেৰে ছোৱালীক সন্মান কৰিবলৈ পৰামৰ্শ দিছিল অনুৰাগীক৷

লক্ষণীয় বিষয়টো এই যে, প্ৰায় ৩টা দশক ধৰি ছবি জগতত থকা অভিনেতাজনে অফ স্ক্ৰীনৰ সকলো বিষয়তে অধিক বুদ্ধিমান শিল্পীৰ শাৰীত নিজকে থিয় কৰাইছিল৷ যি তেওঁৰ #AskSRK sessionটো দেখিবলৈ পোৱা গৈছে৷

ইপিনে বিগত সময়তো ছচিয়েল মিডিয়াত অভিনেতাজনৰ কৌতুকপূৰ্ণ বাৰ্তালাপে প্ৰায়ে শিৰোনাম দখল কৰা লগতে সকলোকে হাঁহিৰ খোৰাক দি আহিছে। কেইবছৰমান পূৰ্বে সাৰ্থ খেৰ নামৰ এগৰাকী লোকে অভিনেতাজনক টুইট কৰিছিল আৰু স্কুলীয়া প্ৰ'মক ডেটত নিয়া সেই সম্পৰ্কত পৰামৰ্শ বিচাৰিছিল৷

তেওঁ টুইট কৰিছিল, "@iamsrk ছাৰ অনুগ্ৰহ কৰি মোক ছোৱালী এজনীক প্ৰ'ম কৰিবলৈ ক'বলৈ সহায় কৰক???? তেওঁৰ এই প্ৰশ্নত আচৰিত হৈ SRK য়ে উত্তৰ দি কৈছিল, "@sarthakkher যদি মই সোধো যে তাই আপোনাৰ সৈতে যাব নিবিচাৰে....ha ha।"

উল্লেখ্য যে, প্ৰায় তিনিটাকৈ বছৰৰ অন্তত ‘পাঠান’ৰ (Pathan) সৈতে ৰূপালী পৰ্দালৈ পুনৰ উভতি আহিব বলীউদৰ বাদশ্বাহ৷ য’ত তেওঁক এজন গোপন এজেণ্টৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব বুলি জানিব পৰা গৈছে আৰু ২০২২ত মুক্তি লাভ কৰিব এই ছবিখনে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি