এথলীট হিমা দাসে ল'লে ক'ভিড ভেকচিনৰ প্ৰথমটো ড'জ। টুইটাৰত আন্তঃৰাষ্ট্ৰীয় এথলিটগৰাকীয়ে উল্লেখ কৰে যে তেওঁ আজি ক'ভিড ভেকচিনৰ প্ৰথমটো পালি পালে। লগতে সকলোকে ভেকচিন ল'বলৈ পৰামৰ্শ দিয়ে 'ধিং এক্সপ্ৰেছ' খ্যাত এথলিটগৰাকীয়ে।
শেহতীয়াকৈ দৌৰবিদগৰাকীয়ে ক্ৰীড়াক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে অসম চৰকাৰৰ পৰা DSP ৰূপে নিযুক্তি লাভ কৰে। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ।
ভোগেশ্বৰ বৰুৱাৰ পাছত হিমা দাস আন্তৰ্জাতিক পৰ্যায়ত পদক লাভ কৰা
অসমৰ একমাত্ৰ এথলিট।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|