‘এই ছিটটোত মাহী ভাই বহিছিল, তেওঁলৈ আমাৰ বৰকৈ মনত পৰে’

News18 Assam | News18-Assam
Updated:January 30, 2020, 3:21 PM IST
‘এই ছিটটোত মাহী ভাই বহিছিল, তেওঁলৈ আমাৰ বৰকৈ মনত পৰে’
ভাৰতীয় দলৰ তাৰকা বলাৰ য়ুজৱেন্দৰ চহলৰ আবেগিক মন্তব্য

ভাৰতীয় দলৰ তাৰকা বলাৰ য়ুজৱেন্দৰ চহলৰ আবেগিক মন্তব্য

  • Share this:
ভাৰতীয় ক্ৰিকেট দল নিউজীলেণ্ডলৈ যাত্ৰা কৰা সময়ৰ এক ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। বাছেৰে গৈ থকা অৱস্থাত ভাৰতীয় দলটোক সম্পূৰ্ণ হাঁহিৰ খোৰাক দিয়ে লেগ স্পীনাৰ য়ুজৱেন্দৰ চাহালে। সাধাৰণতে চাহালে ভ্ৰমণৰ সময়ত প্ৰায়ে ‘চাহাল টিভি’ নামেৰে এক অনুষ্ঠান কৰা দেখা যায়।



কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে মেচত ভাগ ল’বলৈ গৈ থাকোতে ‘চাহাল টিভি’ ত লেগ স্পীনাৰজনে ভাৰতীয় দলৰ প্ৰক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ প্ৰসংগতো কৰে মন্তব্য। ২০১৯চনৰ বিশ্বকাপ প্ৰতিযোগিতাৰ পিছৰ পৰাই ধোনী জাতীয় দলৰ পৰা আঁতৰি আছে।

চাহালে কয় যে, ‘পিছফালে এই ছিটটোত দলৰ এজন লিজেণ্ড বহিছিল। তেওঁ হ’ল মাহী ভাই। তেখেতলৈ সন্মান কৰি এতিয়া এই ছিটটোত আমি কোনো নবহো। আমি বহুত মিছ কৰিছো মাহী ভাইক।’

আৰু চাওক
পৰৱৰ্তী বাতৰি