যিদিনা যুৱৰাজৰ বেটেৰে জুই বৰষিছিল...

মেচখনত যুৱৰাজ সিঙে মাত্ৰ ১৪টা বলত সংগ্ৰহ কৰিছিল ৫৮ ৰান। ১২টা বলতে যুৱৰাজে সংগ্ৰহ কৰিছিল অৰ্ধশতক।

Sanjay Kumar Das | news18assam
Updated:June 10, 2019, 8:09 PM IST
যিদিনা যুৱৰাজৰ বেটেৰে জুই বৰষিছিল...
মেচখনত যুৱৰাজ সিঙে মাত্ৰ ১৪টা বলত সংগ্ৰহ কৰিছিল ৫৮ ৰান। ১২টা বলতে যুৱৰাজে সংগ্ৰহ কৰিছিল অৰ্ধশতক।
Sanjay Kumar Das | news18assam
Updated: June 10, 2019, 8:09 PM IST
সেয়া আছিল ২০০৭ চনৰ ১৯ ছেপ্টেম্বৰ। ডাৰবানত ভাৰত–ইংলেণ্ডৰ মাজত চলি আছিল টি–২০ বিশ্বকাপৰ এখন খেল। খেলখনত ১৮ অভাৰ সমাপ্ত হৈছিল। ভাৰতৰ ৰান হৈছিল ১৭১/৩। ক্ৰীজত আছে যুৱৰাজ সিং আৰু মহেন্দ্ৰ সিং ধোনী। বেটিং কৰিবলৈ অহাৰ কিছু সময় আগতে ইংলণ্ডৰ এণ্ড্ৰিউ ফ্লিণ্টফৰ সৈতে কথাৰ কটাকটি হোৱা দেখা গৈছিল যুৱৰাজৰ। যুৱৰাজৰ মুখমণ্ডলত স্পষ্ট হৈ পৰিছিল খং ভাৱ। সেই খঙেই যেন যুৱৰাজৰ বাবে সৃষ্টি কৰিলে ইতিহাস।



১৮ অভাৰৰ সমাপ্তিৰ পিছত বলিং কৰিবলৈ আহিছিল বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰড। ষ্ট্ৰাইকত যুৱৰাজ সিং। ষ্টুৱাৰ্ট ব্ৰডৰ প্ৰথমটো বল যুৱৰাজে পাৰ কৰিছিল বাউণ্ডেৰিৰ ওপৰেৰে। তাৰ পিছত দ্বিতীয়টো... তৃতীয়টো কৰি আটাইকেইটা বলেই ছিক্সাৰ কোবাইছিল যুৱৰাজ সিঙে। ষ্টুৱাৰ্ট ব্ৰড অসহায় হৈ পৰিছিল যুৱৰাজৰ আগত। বিশাল ষ্টেডিয়ামখনত গুঞ্জৰিত হৈছিল ‘যুৱী... যুৱী...’ ধ্বনি। অভিলেখ সৃষ্টি কৰিছিল যুৱৰাজে। টি–২০ত এটা অভাৰ ছয় কোবোৱা প্ৰথমগৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছিল যুৱৰাজ।



মেচখনত যুৱৰাজ সিঙে মাত্ৰ ১৪টা বলত সংগ্ৰহ কৰিছিল ৫৮ ৰান। ১২টা বলতে যুৱৰাজে সংগ্ৰহ কৰিছিল অৰ্ধশতক। নিৰ্ধাৰিত ২০ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ হৈছিলগৈ ২১৮ ৰান। তাৰ বিপৰীতে ইংলেণ্ডে নিৰ্ধাৰিত অভাৰত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ২০০ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি