ক্ৰিকেটে মোক যুঁজিবলৈ শিকাইছে, মই কেতিয়াও হাৰ মনা নাই : যুৱৰাজ

ক্ৰিকেট মোৰ বাবে কিমান প্ৰয়োজনীয় সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। – যুৱৰাজ

news18assam
Updated:June 10, 2019, 5:56 PM IST
ক্ৰিকেটে মোক যুঁজিবলৈ শিকাইছে, মই কেতিয়াও হাৰ মনা নাই : যুৱৰাজ
ক্ৰিকেট মোৰ বাবে কিমান প্ৰয়োজনীয় সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। – যুৱৰাজ
news18assam
Updated: June 10, 2019, 5:56 PM IST
আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে যুৱৰাজ সিঙে। এক সংবাদমেলযোগে অৱসৰৰ কথা ঘোষণা কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। সংবাদমেলত যুৱৰাজ সিঙে কয় – ক্ৰিকেটে মোক যুঁজিবলৈ শিকাইছে। মোৰ ক্ৰিকেটৰ সৈতে প্ৰেম আৰু ঘৃণাৰ দৰে সম্পৰ্ক। ক্ৰিকেট মোৰ বাবে কিমান প্ৰয়োজনীয় সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। মই যিমানবোৰ সফলতা লাভ কৰিছো, তাতকৈ অধিক বিফল হৈছো, কিন্তু মই কেতিয়াও হাৰ মনা নাই।

কৰ্কট ৰোগত আক্ৰান্ত হোৱা সন্দৰ্ভত যুৱৰাজ সিঙে কয় – মই হাৰ মনা বিধৰ নাছিলো। উল্লেখযোগ্য যে ২০১১ৰ বিশ্বকাপৰ পিছত কৰ্কট ৰোগৰে যুঁজাটো যুৱৰাজৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। সুস্থ হৈ উঠাৰ পিছত ফৰ্ম ওভতাই পোৱাটো কঠিন হৈ পৰিছিল যুৱৰাজৰ বাবে। এই বছৰৰ আই পি এলত যুৱৰাজে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল যদিও বিশেষ সফলতা লাভ কৰা নাছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি