শেষ হ’ল নেকি যুৱৰাজ সিঙৰ কেৰিয়াৰ ?

আইপিএল ২০১৯ ৰ পিছত সঁচাকৈ শেষ হ’ল নেকি ক্ৰিকেটাৰ যুৱৰাজ সিংৰ কেৰিয়াৰ। বিশ্বকাপত দলত স্থান লাভ নকৰাৰ পিছত বহুতে এতিয়া যুৱৰাজৰ কেৰিয়াৰক লৈ উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন !

news18assam
Updated:May 17, 2019, 7:57 PM IST
শেষ হ’ল নেকি যুৱৰাজ সিঙৰ কেৰিয়াৰ ?
আইপিএল ২০১৯ ৰ পিছত সঁচাকৈ শেষ হ’ল নেকি ক্ৰিকেটাৰ যুৱৰাজ সিংৰ কেৰিয়াৰ। বিশ্বকাপত দলত স্থান লাভ নকৰাৰ পিছত বহুতে এতিয়া যুৱৰাজৰ কেৰিয়াৰক লৈ উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন !
news18assam
Updated: May 17, 2019, 7:57 PM IST
ভাৰতীয় ক্ৰিকেটলৈ যুৱৰাজ সিঙৰ অৱদানৰ কথা কোনে পাহৰিব! কিন্তু বহুদিন ধৰি ভাৰতীয় ক্ৰিকেট দলৰ পৰা আঁতৰি আছে যুবৰাজ সিং । ২০১৯ চনৰ আইপিএলটো যুৱৰাজক ক্ৰয় কৰিবলৈ কোনো দলে প্ৰথমে দেখুওৱা নাছিল আগ্ৰহ । শেষত যদিও মুম্ৱাই ইণ্ডিয়ানছে যুৱৰাজক ক্ৰয় কৰে তথাপিও মাত্ৰ ৪ খন খেলত ভাগলৈয়ে সন্তুষ্ট থাকিব লগীয়া হয় যুৱৰাজ সিং । চাৰিখন মেচ খেলি এটা অৰ্ধশতক সহ মুঠ ৯৮ ৰাণ সংগ্ৰহ কৰিছিল যুৱৰাজে ।

 যুৱৰাজে আগন্তুক বিশ্বকাপৰ বাবে নিজকে প্ৰস্তুত কৰিছিল যদিও বিচিচিআইয়ে বিশ্বকাপ দলত যুৱৰাজক নিদিলে স্থান । যুৱৰাজক বিশ্বকাপৰ দলত স্থান নিদিয়াত এতিয়া দেশৰ ক্ৰিকেট প্ৰেমীৰ মাজতো সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া । বিশ্বকাপত দলত স্থান লাভ নকৰাৰ পিছত বহুতে এতিয়া যুৱৰাজৰ কেৰিয়াৰক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে ।



ক্ৰিকেটৰ পৰা অৱসৰ লবলৈও এতিয়া বহুতে আহ্বান জনাইছে যুৱৰাজ সিঙক । তথাপিও এতিয়াই অৱসৰ লোৱাৰ কথা ভবা নাই খেলুৱৈ গৰাকীয়ে । পৰৱৰ্তী সময়ত দলত স্থান লাভ কৰিব বুলি এতিয়াও আশাবাদী যুৱৰাজ সিং । সাংবাদিকৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত যুৱৰাজে কয় যে তেওঁ এতিয়াই অৱসৰ লোৱাৰ কথা ভবা নাই । যেতিয়া তেওঁ নিজেই ক্ৰিকেট খেলৰ পৰা অৱসৰ লোৱাৰ কথা অনুভৱ কৰিব তেতিয়াই লব পৰৱৰ্তী সিদ্ধান্ত ।



উল্লেখযোগ্য যে ২০১১ চনৰ বিশ্ৱকাপত ভাৰত চেম্পিয়ন হোৱাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল যুৱৰাজ সিঙে । ২০১১ বিশ্বকাপত মেন অব দ্যা ছিৰিজ সন্মান লাভ কৰা যুৱৰাজে ২০০৭ চনত টি২০ বিশ্ৱকাপতো ভাৰতৰ জয়লাভত লৈছিল অন্যতম ভুমিকা ।
আৰু চাওক পৰৱৰ্তী বাতৰি