আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে যুৱৰাজ সিঙে

২০০০ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত যুৱৰাজ সিঙে নিজৰ কেৰিয়াৰৰ আৰম্ভণি ঘটাইছিল।

news18assam
Updated:June 10, 2019, 2:16 PM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে যুৱৰাজ সিঙে
২০০০ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত যুৱৰাজ সিঙে নিজৰ কেৰিয়াৰৰ আৰম্ভণি ঘটাইছিল।
news18assam
Updated: June 10, 2019, 2:16 PM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে টীম ইণ্ডিয়াৰ বিস্ফোৰক অল–ৰাউণ্ডাৰ যুৱৰাজ সিঙে। ছাউথ মুম্বাই হোটেলত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে ক্ৰিকেটাৰগৰাকীয়ে। ২০০০ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত যুৱৰাজ সিঙে নিজৰ কেৰিয়াৰৰ আৰম্ভণি ঘটাইছিল। কেনিয়াৰ বিৰুদ্ধে যুৱৰাজে খেলিছিল প্ৰথমখন খেল, য’ত বেটিং কৰিবলৈ পোৱা নাছিল যুৱৰাজে। ২০১৭ চনৰ ৩০ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া খেলিছিল যুৱৰাজে।

এদিনীয়া আৰু টি–২০ত উল্লেখনীয় সফলতা লাভ কৰিছিল যুৱৰাজে। টেষ্ট ক্ৰিকেটতো তেওঁৰ প্ৰদৰ্শন আছিল সন্তোষজনক। দেশৰ বাবে ৩০৪খন এদিনীয়া খেলি ৮৭০১ ৰান সংগ্ৰহ কৰিছে যুৱৰাজে। ইয়াৰ ভিতৰত আছে ১৪টা শতৰান। এদিনীয়াত যুৱৰাজৰ নামত আছে ১১১টা উইকেট। ইফালে, ৪০খন টেষ্ট খেলি যুৱৰাজে সংগ্ৰহ কৰিছে ১৯০০ ৰান, য’ত আছে তিনিটা শতক। আনহাতে, টি–২০ত ৫৮খন মেচ খেলি ১১৭৭ ৰান সংগ্ৰহ কৰিছে যুৱৰাজে, য’ত আছে ৮টা অৰ্ধশতক।



২০০৭ চনত টি–২০ বিশ্বকাপত যুৱৰাজে ৬খন মেচত ১৪৮ ৰান সংগ্ৰহ কৰি মন অব দ্য ছিৰিজৰ খিতাপ লাভ কৰিছিল। এই টুৰ্ণামেণ্টতে তেওঁ ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ ছটা বলট ছটা ৬ কোবাই অভিলেখ সৃষ্টি কৰিছিল। ২০১১ চনৰ বিশ্বকাপতো যুৱৰাজ সিং আছিল মেন অব দ্য টুৰ্ণামেণ্ট।



কিয় অৱসৰ ল’লে যুৱৰাজে?
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ICCৰ স্বীকৃতিপ্ৰাপ্ত বিদেশী টি–২০ লীগত ফ্ৰীলান্স কেৰিয়াৰ আৰম্ভ কৰিব যুৱৰাজে। বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই শেহতীয়াকৈ কৈছিল যে যুৱৰাজে আন্তঃৰাষ্ট্ৰীয় আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ বিষয়ে চিন্তা–চৰ্চা কৰি আছে। তেওঁ জিটি–২০ (কানাডা) আৰু আয়াৰলেণ্ড আৰু হলেণ্ডত ইউৰ’ টি–২০ শ্লেম টুৰ্ণামেণ্টত খেলাক লৈ চিন্তা–চৰ্চা কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি